ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত প্ৰশাসনিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন

ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত প্ৰশাসনিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন

দিশপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-   সৰ্বভাৰতীয়  লোক সেৱা আয়োগৰ পৰীক্ষা সমূহত অসমৰ ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল  ফলাফলৰ প্ৰতি দৃষ্টি ৰাখি অসমত এটা পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগে  এক অভিলাসী আঁচনি গ্ৰহণ কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ পাচখন বিশ্ববিদ্যালয় / মহাবিদ্যালয়ৰ লগত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যৰে যোৱা জুন মাহত শিক্ষানুষ্ঠান সমূহ আৰু ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈ যায়।তাৰে অংশ হিচাবে যোৱা ১৯ জুন তাৰিখে কটন বিশ্ববিদ্যালয়ৰ লগত হৈ যোৱা চুক্তিৰ মৰ্মে আজি ৯আগষ্ট তাৰিখে বিশ্ববিদ্যালয় খনিত উপস্থিত থাকি আয়োগৰ অধ্যক্ষ শ্ৰীৰমেন ডেকা আৰু সহঃ উপাধ্যক্ষ শ্ৰীধ্ৰুৱ প্ৰসাদ বৈশ্যই প্ৰথমটো কিস্তিৰ ধন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ডেকাৰ হাতত অৰ্পন কৰে। কিস্তি প্ৰদান কৰি প্ৰাক্তন সাংসদ আৰু আয়োগৰ উপাধ্যক্ষ শ্ৰীৰমেন ডেকাই নিজ বক্তব্যত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল ফলাফলৰ বাবে উদ্যেগ প্ৰকাশ কৰি এক শৈক্ষিক আৰু সামাজিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।তেখেতে ভাৰতবৰ্ষৰ পঞ্চম চিভিলিয়ান আৰু অসমৰ প্ৰথম আনন্দৰাম বৰুৱাৰ উদাহৰণ দাঙি ধৰি কয় যে অসমত কেতিয়াওঁ মেধাৰ অভাৱ হোৱা নাই। লাগে মাথো এক শৈক্ষিক বাতাবৰণ আৰু অধ্যব্যৱসায়ৰ। তেখেতে ছাত্ৰ-ছাত্ৰী সকলক দৃঢ়তাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।  সহঃ উপাধ্যক্ষ শ্ৰীধ্ৰুৱ প্ৰসাদ বৈশ্যই আশা ব্যক্ত কৰি কয় যে আয়োগৰ এই পদক্ষেপে সমাজত এক যোগাত্মক পৰিবেশৰ সৃষ্টি কৰাত সহায় কৰিব আৰু পৰবৰ্তী পৰ্যায়ত এই কাৰ্য্যসূচী আৰু বিস্তৃত ৰূপত আগবঢ়াই লৈ যোৱাৰ আশ্বাস দিয়ে।  কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকাই এনে সুবিধা প্ৰদান কৰাৰ বাবে শ্ৰীৰমেন ডেকা প্ৰমুখ্যে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগক ধন্যবাদ জ্ঞাপন কৰে। পঞ্জীয়ক  ডঃ অৰিন্দম গাৰ্গ আৰু প্ৰকল্প সঞ্চালক ডঃ সংগীতা বৰঠাকুৰেও বক্তব্য আগবঢ়ায়। ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ তৰফৰ পৰা বিত্ত উপদেষ্টা শ্ৰীগুণ গোৱিন্দ দাস, শ্ৰীদ্বিজেন্দ্ৰ সিং হাজাৰি, শ্ৰীদীপাংকৰ বৰা, এল. যোতে, চঞ্চল ৰয় আৰু তৰঙ্গ ভট্ট উপস্থিত থাকে।