ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে। বুধবাৰে পুৱা ১১.০৬বজাত পুনৰ অসমৰ লগতে উত্তৰ-পূৰ্বক জোকাঁৰি যায় ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৫.৬বুলি জানিব পৰা গৈছে। ভাৰত আৰু ম্যানমাৰত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ পৰা ৪৩কিলোমিটাৰ নিলগৰ চাংদাঙত বুলি সদৰি কৰা হৈছে।এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ম্যানমাৰতো এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই। উল্লেখ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীতো ৰাজ্যক ভূমিকম্পই জোকাৰি গৈছিল। নিশা প্ৰায় ২.২৫ বজাত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.০ । আজিতকৈ কিছু ডাঙৰ আছিল সেই দিনাৰ ভূমিকম্প। শিৱৰাত্ৰিৰ নিশা এই ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছিল।