ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ‘টেট’ পৰীক্ষাৰ নতুন সময়সূচীৰ ঘোষণা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ‘টেট’ পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আজি টুইটাৰ যোগে ‘টেট’ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া সময়সূচী ঘোষণা কৰে।২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা ৩১ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে।৩১ অক্টোবৰত দুয়োটা পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।