ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপাল পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপাল পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এখন ৰাজ্যৰ ৰাজ্যপাল গৰাকী সাংবিধানিক মুৰব্বী৷ ৰাজনীতিৰ উৰ্দ্ধত থাকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যখনত সংবিধান ৰক্ষাৰ দ্বায়িত্ব মহামহীম ৰাজ্যপালৰ৷ কিন্তু সকলোৰে চকু কপালত উঠাই অসমৰ ৰাজ্যপালে ৰাজস্থানৰ উদয়পুৰত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ আজি আম আদমি পাৰ্টীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে অসমৰ ৰাজ্যপাল গৰাকীৰ পদত্যাগৰ দাবী কৰি কয় যে মহামহীম ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব সিং কাটাৰীয়াই৷ সংবিধান ৰক্ষাৰ দ্বায়িত্বত থকা গৰাকীয়েই সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে৷ ভাৰতবৰ্ষৰ ৰাজনীতিত নোহোৱা নোপোজা এক পৰিঘটনাৰে কালিমা সানিলে ৰাজ্যপাল গৰাকীয়ে৷ইয়াৰ আগতেও বিজেপিৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ’বৰ বাবে মিজোৰামৰ তেতিয়াৰ ৰাজ্যপাল কুম্মানম্‌ ৰজাশেখৰণ প্ৰস্তুতি চলাইছিল যদিও ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ ৰাজ্যপাল পদবীৰ পৰা পদত্যাগ কৰিহে নিৰ্বাচনত নামি পৰিছিল৷ কিন্তু ১৫৩ নং উদয়পুৰ বিধানসভাৰ টাৰাচান্দ্‌ জৈনৰ হৈ পোনপটীয়াকৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিল অসমৰ ৰাজ্যপাল গোলাব সিং কাটাৰীয়া৷ ডা° চৌধুৰীয়ে জানিবলৈ দিয়া মতে আপ অসমে ৰাজ্যপাল গৰাকীৰ এই নীতিবিৰুদ্ধ কৰ্মৰ ন্যায় বিচাৰি ভাৰতৰ নিৰ্বাচনী আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিব৷ সমগ্ৰ দেশজুৰি সংবিধান বিৰোধী, দেশ আৰু জাতি বিৰোধী কৰ্মত লিপ্ত হোৱা গণবৈৰী বিজেপিকো সকীয়াই ডা° ভবেন চৌধুৰীয়ে কয় যে বুৰঞ্জী সাক্ষী আছে, ক্ষমতাত বলীয়ান হৈ জনতা বিৰোধী কাৰ্যত লিপ্ত হোৱা ভন্দ শাসকৰ নগ্ন স্বৰুপ সৰ্বসাধাৰণেই উদঙাই দিব৷