ৰাজপথত চলাচল কৰা স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব কেইবাটাও নতুন নিয়ম

ৰাজপথত চলাচল কৰা স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব কেইবাটাও নতুন নিয়ম

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰিবহণ বিভাগে ৰাজপথত চলাচল কৰা স্কুল বাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম প্ৰযোজ্য কৰিছে। পৰিবহণ বিভাগে প্ৰতিখন স্কুল বাছত চিচি টিভি কেমেৰা, জিপিএছ আৰু ছাইৰেন লগোৱাৰ উপৰি কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে।মহানগৰীৰ কেইবাখনো স্কুলৰ কৰ্তৃপক্ষৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলামে আলোচনাত মিলিত হয়। পৰিবহণ বিভাগে দিয়া নির্দেশ উলংঘা কৰা স্কুল কৰ্তৃপক্ষই জৰিমনা ভৰিব লাগিব বুলি জিলা পৰিবহণ বিষয়াগৰাকীয়ে উল্লেখ কৰে। তদুপৰি প্ৰতিখন স্কুল বাছত মহিলা সহায়ক নিয়োগ কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰী কঢ়িওৱা প্ৰতিখন সৰু-বৰ বাহনৰ ৰং হালধীয়া কৰিব লাগিব আৰু বাছসমূহ প্রতিঘণ্টাত ৪০ কিঃ মিটাৰ বেগত চলাব লাগিব। উল্লেখ্য যে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰাৰ পাছতেই জিলা পৰিবহণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।