ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিভিষীকা

Pc The Janambhumi

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিভিষীকা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও চলি আছে যুদ্ধ।যুদ্ধত হাজাৰ-বিজাৰ লোকে প্ৰাণ হেৰুৱাইছে।চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে যুদ্ধ চলি আছে।এইবাৰ ৰাছিয়াৰ গুলীচালনাত নিহত হ’ল ইউক্ৰেইনৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ডাৰিয়া কুৰ্দেল।৯ জুলাইত ইনহুলেটৰ আৱাসিক এলেকাত মিছাইল আক্ৰমণৰ ফলত প্ৰতিভাৱান খেলুৱৈগৰাকী আঘাতৰ ফলত মৃত্যু হয়।অশেষ চেষ্টাৰ অন্ততো তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল।নেচনেল ইউনিভাৰ্চিটি অৱ ওডেচা ল একাডেমীৰ ফেচবুক পৃষ্ঠাত এই কৰুণ খবৰটো ঘোষণা কৰা হৈছিল।গুলীবৰ্ষণৰ সময়ত ডাৰিয়াই তাইৰ দেউতাকৰ সৈতে ক্ৰীড়া খেলপথাৰত প্ৰশিক্ষণ লৈ আছিল।দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু ডাৰিয়াৰ জীৱন ৰক্ষা নপৰিল।উল্লেখযোগ্য যে ২০ বছৰীয়া ডাৰিয়া কুৰ্দেল ডান্স স্পৰ্টছৰ বিশেষজ্ঞ আছিল।ডান্স স্পৰ্টছ ৰাছিয়া আৰু ইউক্ৰেইন অঞ্চলৰ এক অতি বিখ্যাত খেল, যিটো সদায় শিৰোনামত থাকে।ডাৰিয়া কুৰ্দেল এগৰাকী দায়িত্বশীল,স্মাৰ্ট আৰু উচ্চাকাংক্ষী ছোৱালী আছিল।তেওঁ বহুতো আন্তৰ্জাতিক নৃত্যক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ী আছিল।