ৰমজান মোবাৰক
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
জনালো প্ৰীতিসম্ভাষণ সকলোকে
মাহে ৰমজানে কৰক শান্তি সৱকে।
ঘটিল আগমন ৰমজানৰ পৱিত্ৰ ৰোজা
সৱে মিলি প্ৰভুৰ দৰবাৰত ক্ষমা খোজা।
শ্ৰেষ্ঠ মাহৰ বাম্পাৰ অফাৰ নিদিবা এৰি
কু-কৰ্মৰ পৰা আঁতৰিবলৈ নকৰিবা দেৰি।
সৎ কৰ্ম, নেক আমল সৰ্বক্ষণ কৰিবা
পৱিত্ৰ নামাজ-ৰোজাক হৃদয়েৰে ধৰিবা।
চেহৰী-ইফতাৰৰ বাৰেবৰণীয়া ক্ষণ
তাৰাবিহৰ নামাজতো দিবা হেনো মন।
পৱিত্ৰ ৰমজানক সঠিক মূল্যায়ন কৰা
বিচাৰৰ দিনাখন থাকিব পুণ্যৰে ভৰা।
বক্ৰ পথেৰে যিজনে সম্পদ গঢ়ে
সি হেনো নিজেই নিজৰ ক্ষতি কৰে।
অবৈধ সম্পত্তিৰ পাহাৰত উঠি
সকলো আমল এদিন যাবগৈ টুটি।
নামে কেতিয়াও কাৰো নহয় পৰিচয়
অন্তৰত থাকিব লাগে প্ৰকৃত ভয়।
মুমিন বান্দা হৈ যদিহে জীয়াই থকা
মৰণৰ ক্ষণত তেহে হ’ব সকাহ।