ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ

ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ

অংকুৰ কলিতা, ৰঙিয়া,ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াৰ চ’ছাইটি মুৰাৰাত ৰাষ্ট্ৰীয় বজৰংগ দলৰ উত্তাল প্ৰতিবাদ। পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আই আৰু কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ চি এফ আই নামৰ সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মী সকলে। শতাধিক কৰ্মীয়ে ৰাজপথলৈ ওলাই আহে। সংগঠন টোৰ কৰ্মীয়ে হাতে হাতে ৰাষ্ট্ৰীয় বজৰংগ দলৰ পতাকা লৈ প্ৰতিবাদস্থলীত জেহাদীৰ পুত্তলীকা দাহ কৰে। প্ৰতিবাদী সকলে সংবাদ মাধ‍্যমৰ আগত কয় যে পি এফ আই আৰু চি এফ আই সংগঠন দুটাই সমগ্ৰ ভাৰতত জেহাদ বিয়পোৱাৰ কাম কৰি আছে। এই বিষয়ে সবিশেষ তথ্য চৰকাৰৰ হাতত মজুদ আছে। গতিকে চৰকাৰে দুয়োটা সংগঠনকেই অতি শীঘ্ৰে নিষিদ্ধ কৰিব লাগে। যদিহে চৰকাৰে কোনো ধৰনৰ পদক্ষেপ হাতত নলয় তেন্তে অনাগত দিনত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠন টোৰ নেতা গৰাকীয়ে।