ৰঙালী বিহুৰ পৰম্পৰা
মৰমৰ অকণিহঁত, চেনেহৰ ৰঙালী বিহুটি পালেহিয়েই নহয়নে বাৰু! বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু প্ৰধানতঃ কৃষিভিত্তিক উৎসৱ আৰু ই প্ৰকৃতিৰ লগত জড়িত। দিন -ৰাতি সমান হোৱাৰ দিনা অৰ্থাৎ মহাবিষুৱ সংক্ৰান্তিৰ দিনা বহাগ বিহু পালন কৰা হয়। পুৰণি কালত আৰ্য সকলে এই দিনটোতে গো -প্ৰভৃতি পোহনীয়া জীৱ - জন্তুৰ মংগলাৰ্থে আৰু কৃষি ভূমিৰ উৰ্বৰতা তথা শস্য বৃদ্ধিৰ অৰ্থে সূৰ্য দেৱতাৰ পূজা কৰিছিল।
বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকুত নতুনৰ জোৱাৰ উঠে। ন পানী পাই গছে গছে কুঁহিপাতে মিচিকিয়াই; নাহৰ,কপৌ, তৰগ ফুলে সুগন্ধি বিলায়। কুলি, কেতেকী ৰ সুৱদী মাতে বিহুৰ বতৰা আনে। এনেহেন বিহুটিৰ লগত আমাৰ বহুতো পৰম্পৰা আৰু বিশ্বাস জড়িত হৈ আছে।তেনে এক পৰম্পৰা হৈছে গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা। বিহু নামত গাইছে
“আইতা অʼ এশ এবিধ শাকেৰে ৰান্ধো
গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই লৈ
তৰালি পঘাৰে ৰান্ধো “
সময় পৰিবৰ্তন হ’লেও কিছুমান পৰম্পৰা কম বেছি পৰিমাণে চলি আছে। বহাগ বিহু সাত দিন ধৰি পালন কৰা হয়। বিভিন্ন নামেৰে বিহুৰ এই সাতটা দিনক নামাকৰণ কৰা হৈছে। সেয়ে এই বিহুক সাত বিহু বুলিও কোৱা হয়।সাত বিহুৰ নাম কেইটা হৈছে গৰু বিহু, মানুহ বিহু, গোসাঁইৰ বিহু, কুটুম বিহু,চেনেহী বিহু,চেৰা বিহু আৰু ফাট বিহু। এনেদৰেই ব’হাগ বিহুত সাত বিহুৰ পৰম্পৰা পালন কৰিছিল। কোনো কোনোৰ মতে সাত বিহুৰ নাম কেইটা অলপ সালসলনি কৰা দেখা যায়। এই গৰু বিহুৰ দিনাই এশ এবিধ শাক খোৱাৰ নিয়ম আছে। জনবিশ্বাসমতে এশ এবিধ শাকৰ আঞ্জাই বছৰটোলৈ মানুহক নিৰোগী কৰি ৰাখে। এশ এবিধ শাকৰ নাম হৈছে অমিতা, অশোক ফুল,আলুগুটি, কঁঠাল মুচি, কেৰেলা,আদা, নহৰু, পিয়াজ,কেহেঁৰাজ,কাঁচি পকা জেতুলি পকা, কুঁহিয়াৰ আগ,কুকৰা ঠেঙীয়া, কোৱা ভাতুৰী, দোৰোণ, দুৱৰি বন, বনজালুক,পিৰালী পালেং,কেঞাবন, ওলকচু, কʼলা কচু, ৰঙালাউ ,লফা, হেলচি শাক , সৰিয়হ শাক, হাতীখুতুৰা, মানিমুনি, শেৱালী ফুল ,লাই জাবৰী,লাই শাক, কাঠ আলুৰ আগ,কলমৌ, কল পচলা, কোমোৰা, মাটি কাদুৰী ,মালভোগ খুটুৰা, মৰিচা, মেটেকা , মাটি কঁঠাল, মচুৰ দাইল,মটৰ মাহ, মাটি মাহ,ৰহৰমাহ, মধুৰী কোঁহ,মোৱা আলু,মধুশোলেং, মূলা, খুতৰা, জিৰা, ধনীয়া ,গাখীয়তী, গাজৰ, চুকাশাক , চজিনা,মৰলীয়া, জিলমিল, জলকীয়া, বেঙেনা, জাতি লাউ, জিকা, ঢেকীয়া, নৰসিংহ,নেফাফু,মহানিম, নিলাজী বন, পদিনা, পটল, পালেং শাক, পুৰৈ শাক, পনৌনোৱা , বেত গাজ, পচতীয়া, ব্ৰাহ্মী শাক, বৰ মানিমুনি, বৰ থেকেৰা, বিহলঙনী, বকুল ফুল, বিয়নী সাৱতা, বৰালী ভকুৱা, বৃন্দাবন, বৰ্হমথুৰি, বিশৈল্যকৰণী ,বাহক তিতা, ভেদাই লতা, ভেকুৰী তিতা, টিকণি বৰুৱা, টেঙামৰা , বৰটেঙেচী, সৰু টেঙেচী,মান কচু,তিতা ফুল, তিয়ঁহ, থেকেৰা, থেৰেজু, দাংবদি, দুপৰটেঙা ,মচন্দৰি ,মানধনীয়া, শিঙৰী, শুকলতি,কৰিয়াবীজল ,মহাভিঙ্গৰাজ, আদি। ইয়াৰ উপৰিও কিছু কিছু ঠাইত সাত শাকী খোৱাৰ নিয়ম আছে । এই সাত শাকী সাত বিহুৰ দিনা সাত বিধ শাকেৰে আঞ্জা খোৱাৰ নিয়ম আছে।
ৰঙালী বিহুত গাঁৱৰ ৰাইজ একত্ৰিত হৈ গৃহস্থৰ ঘৰত হুঁচৰি মাৰি গৃহস্থক বছৰটোৰ মঙ্গল ৰ অৰ্থে আৰ্শীবাদ দিয়াৰ নিয়ম আছিল। বৰ্তমান এই নিয়ম কিছু কমিছে যদিও হেৰাই যোৱা নাই। বিহু আমাৰ সমন্বয় ৰ প্ৰতীক। ই আমাক একতাৰ দোলেৰে বান্ধি ৰাখে ।বাপতি সাহোন ৰঙালী বিহুটি আমাৰ অসমীয়া জাতিৰ দাপোন স্বৰূপ । গতিকে বিহু বুলি ৰঙ ৰহইচ কৰোঁতে আমি আমাৰ নৈতিক গুণ সমূহ পাহৰি যাব নালাগিব।বিনয়ী,নম্ৰতা আৰু শ্ৰদ্ধাশীল হৈ বিহু পালন কৰিলেহে জাতীয় উৎসৱ ৰঙালী বিহুৰ স্বকীয়তা উজলি উঠিব।
বন্দিতা শৰ্মা কন্দলি