৯ মাহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিলে ১৯১ খন ড্ৰোন

৯ মাহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিলে ১৯১ খন ড্ৰোন

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ পৰা যোৱা ৯ মাহত ১৯১ খন ড্ৰ’ন ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰে কেৱল ৭খন গুলীয়াই ভূপতিত কৰা হৈছে যদিও বাকীকেইখন পুনৰ পাকিস্তানলৈ গমন কৰিছে। ড্ৰ’নৰ অবৈধ প্ৰৱেশৰ এই ঘটনাবোৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।

পাকিস্তানৰ ফালৰ পৰা এনে অবৈধ প্ৰচেষ্টা বন্ধ কৰাৰ স্বাৰ্থত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰত-পাকিস্তান সীমান্তত মোতায়েন কৰা নিৰাপত্তা বাহিনীৰ মতে, ১৯১ খন ড্ৰ’নৰ ভিতৰত ১৭১খন ভাৰত-পাকিস্তান সীমান্তৰে পঞ্জাৱ খণ্ডৰ কাষেৰে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে ২০খন জম্মু খণ্ডত দেখা গৈছে। সংবাদ সংস্থাই লাভ কৰা এখন নথিত এই কথা উল্লেখ কৰা হৈছে।