৪,৫২৯ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ৫৮ গৰাকী সহকাৰী অধ্যাপক আৰু ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই অহা ৪,৫২৯ গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ গুণগত শিক্ষাৰ উন্নয়নৰ লক্ষ্যৰে আৰু মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ২০১০ চনত মাহিলি ৮ হাজাৰ টকাৰ পাৰিতোষিকত চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়সমূহত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক নিযুক্তি দিয়া হৈছিল। ২০১২ চনত এইসকল শিক্ষকৰ মাহিলি পাৰিতোষিক ১৫,৫০০ টকাৰ পৰা ২০১৮ চনত ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ২০২০ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মুঠ ৫,২৪৩গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া স্নাতক শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু অন্যান্য সা-সুবিধা গ্রহণ কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল। তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা হয়। ঠিক একেদৰে মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহতো চুক্তিমূলকভাৱে নিযুক্তি প্ৰদান কৰা ১৪০ গৰাকী অতিৰিক্ত শিক্ষককো একেধৰণে সা-সুবিধা প্ৰদান কৰা হৈছিল। ৰাজ্যৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ অংশ হিচাপে তথা ৰাজ্যৰ শিক্ষা ক্ষেত্রলৈ ইমান দিনে এই অতিৰিক্ত শিক্ষকসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে আজি তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি প্রদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড° শর্মাই উল্লেখ কৰে।
ৰাজ্যৰ শৈক্ষিক আকাশক উজ্জ্বলাই তোলাৰ বাবে সমর্পিত মনোভাৱেৰে কৰ্মত ব্রতী হ’বলৈ মুখ্যমন্ত্রী ড° শর্মাই নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি নিয়মীয়াকৰণৰ লগে লগে শিক্ষক-শিক্ষয়িত্রীসকলে কেইবাটাও চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। ২০০৫ চনৰ পিছত নিযুক্তিপ্রাপ্ত চৰকাৰী চাকৰিয়ালসকলক নতুন পেন্সন আঁচনিৰে সামৰি লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছিল। এতিয়া অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এনপিএছৰ অন্তৰ্ভুক্ত চৰকাৰী চাকৰিয়ালসকলক দুটা শ্লেৱত ইউপিএছত অন্তর্ভুক্ত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নিয়মীয়া চাকৰিত যোগদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰথম দৰমহা পোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত অন্তর্ভুক্ত হৈ চিকিৎসা সুবিধা লাভ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই লগতে কয় যে আজি নিযুক্তিপ্রাপ্ত এইসকল শিক্ষকে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষ, উপাধ্যক্ষ পদত যোগদানৰ যোগ্যতা লাভ কৰিব। এই শিক্ষকসকলে চৰকাৰৰ আপোন ঘৰ আঁচনি আৰু আপোন বাহন আঁচনিৰ লগতে ২০২৬ চনৰ পৰা পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰিব।
উল্লেখ্য যে যোৱা বছৰৰ ২৬ জুলাইত অসম অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সৈতে ৰাজ্য চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ সেৱা নিয়মাৱলীৰ সংশোধনৰ প্ৰস্তাৱ কৰে। এই সংশোধনীয়ে অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকসকলক নিয়মীয়া পদত নিযুক্তিৰ জৰিয়তে নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা দৰমহা তথা সা-সুবিধা লাভ কৰিবলৈ অনুষ্ঠিত কৰা ‘বিশেষ নিযুক্তি অভিযান’ত অংশ লোৱাৰ পথ প্রশস্ত কৰে। সেই অনুসৰি অনুষ্ঠিত কৰা ‘বিশেষ নিযুক্তি অভিযান’ত ৪,৬৪৪জন অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকৰ ভিতৰত সৰ্বমুঠ ৪,৫২৯জন শিক্ষকে স্নাতক শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে পঞ্জীয়ন কৰে। পঞ্জীয়নভুক্ত এইসকল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকক বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ ব্যক্তিগত পদৰ বিপৰীতে ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া স্নাতক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, উচ্চ শিক্ষাৰ সঞ্চালক নয়ন কুমাৰ পাঠক, মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজাই আদি উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।