৩৯০ বছৰীয়া ঐতিহ্যৰ সাক্ষী “চৰাইচোং উৎসৱ”ৰ ১১ ফেব্ৰুৱাৰীত লাইখুঁটা স্থাপন

৩৯০ বছৰীয়া ঐতিহ্যৰ সাক্ষী “চৰাইচোং উৎসৱ”ৰ ১১ ফেব্ৰুৱাৰীত লাইখুঁটা স্থাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য” আৰু মাজুলীবাসী ৰাইজৰ সহযোগত উজনি মাজুলীৰ ঐতিহাসিক স্থানসমূহৰ প্ৰতি সকলো পক্ষৰে দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে  ৩৯০ বছৰীয়া  ঐতিহ্য সোঁৱৰি আয়োজন কৰা চৰাইচোং উৎসৱৰ ১১ ফ্ৰেব্ৰুৱাৰীত অতি আড়ম্বৰৰে স্থাপন কৰা হ’ব লাইখুঁটা । ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখৰ প্ৰস্তাৱিত স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডক্টৰ নিৰোদ বৰুৱাই লাইখুঁটা স্থাপন কৰিব। চৰাইচোং উৎসৱৰ লক্ষ্য -উদ্দেশ্য সম্পৰ্কে জানিবৰ বাবে উক্ত দিনা যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ এটি পাঁচজনীয়া দলেও লাইখুঁটা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য, অহা  ৯, ১০ আৰু ১১ মাৰ্চ তাৰিখে এই ঐতিহাসিক উৎসৱটি অনুষ্ঠিত হ’ব। প্ৰকৃতিৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া উপাদান পক্ষীকুলৰ সুৰক্ষাৰ মূল শ্ল’গানেৰে আৰম্ভ হ’বলগীয়া এই পক্ষী মহোৎসৱ “চৰাইচোং উৎসৱ” প্ৰথম দিনা ৩৯০ খন পতাকা উত্তোলনৰে শুভাৰম্ভ ঘটিব। উৎসৱৰ মূল আহ্বান যাতে মাজুলীৰ প্ৰান্তে প্ৰান্তে লৈ যোৱাৰ উপৰিও মাজুলীৰ পৰা চাৰিওফালে সম্প্ৰসাৰিত কৰিব পৰা যায় তাৰ বাবে এই পতাকা উত্তোলনলৈ মাজুলীৰ প্ৰতিগৰাকী গাওঁ প্ৰধান, বিদ্যালয় প্ৰধান, সাংবাদিক, মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰতিগৰাকী গাইড আৰু ল’জৰ  স্বত্বাধিকাৰ , মাজুলীৰ প্ৰতিটো সংগঠনৰ প্ৰতিনিধি আৰু মাজুলীৰ লগতে অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক লৈ ৩৯০ গৰাকীৰ দ্বাৰা একোখনকৈ পতাকা উত্তোলন কৰোৱাৰ ব্যৱস্থা কৰা বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই প্ৰকাশ কৰিছে। ১১ তাৰিখৰ লাইখুঁটা স্থাপনত কেইবাটাও সাংস্কৃতিক ৰূপায়িত হ’ব।সেই কাৰ্যসূচীত উদযাপন সমিতিৰ সকলো বিষয় ববীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।