৩৫ সংখ্যক আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত

Pc kiny

৩৫ সংখ্যক আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত বাস্কেটবল পুনৰুত্থান ক’ৰ কমিটীৰ উদ্যোগত গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু স্কুলত ২৬ নৱেম্বৰৰ পৰা ৩৫ সংখ্যক আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন জুনিয়ৰ (লৰা-ছোৱালী) আৰু ছিনিয়ৰ (পুৰুষ-মহিলা) শাখাত অনুষ্ঠিত হ’ব। আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ ২৩০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, বিয়লি ৩ বজাত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। প্ৰতিযোগিতাখন ১ ডিচেম্বৰত সামৰণি পৰিব।