৩১ ডিচেম্বৰৰ দৰে উৰুকাৰ দিনাও সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৩১ ডিচেম্বৰ আৰু ১জানুৱাৰীত চৰকাৰে গ্ৰহণ কৰা তেনেধৰণৰ কঠোৰ পদক্ষেপৰ বাবে এইবাৰ কোনো দুৰ্ঘটনা ৰাজ্যখনত সংঘটিত হোৱা নাই। যি দুই- এটা দুৰ্ঘটনা সংঘটিত হৈছে সেয়া সুৰা পানৰ বাবে সংঘটিত হোৱা নাই। সুৰাপান কৰি যান-বাহন চলোৱাৰ বাবে এইবাৰ এটাও দুৰ্ঘটনা সংঘটিত হোৱা নাই। অহা উৰুকাৰ দিনটোতো সুৰাপান কৰি যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অভিযান চলাব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘ড্ৰিংক এণ্ড ড্রাইভ’ কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা অকুণ্ঠ সমর্থনৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই অসমবাসীক ধন্যবাদ জনাই এই অভিযান বছৰজুৰি চলি থাকিব বুলি কয়। অৱশ্যে সুৰা সেৱনৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে যিহেতু মদৰ দোকান খুলিবলৈ দিছে, সেয়ে মদ খাবই। তাত চৰকাৰে বাধা দিয়াৰ নৈতিক অধিকাৰ নাই। কিন্তু সুৰাপান কৰি কোনেও যান-বাহন চলাব নোৱাৰে। লাহে লাহে সকলোৱে যাতে সুৰা কমকৈ সেৱন কৰে, তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই কয়।