৩০ অক্টোবৰত দেশৰ ৩০ বিধানসভা আৰু ৩ লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত

pc You Tube

৩০ অক্টোবৰত দেশৰ ৩০ বিধানসভা আৰু ৩ লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা- দেশৰ নির্বাচন আয়োগে এক বিজ্ঞপ্তিযোগে ঘোষণা কৰে যে ৩০ অক্টোবৰত অসমৰ ৫ বিধানসভা সমষ্টিকে ধৰি দেশৰ ৩০ বিধানসভা আৰু ৩ লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হʼব। নিৰ্বাচন আয়োগে বিজ্ঞপ্তিটোত উল্লেখ কৰে যে কʼভিড অতিমাৰী, বানপানী, উৎসৱ-পাৰ্বণ আদি সকলো দিশ বিবেচনা কৰি নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ এই দিন ঘোষণা কৰে। দেশৰ নির্বাচন আয়োগে আজি এক বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। অসম, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, তেলেংগানা আৰু পশ্চিমবংগৰ মুঠ ৩০টা বিধানসভা সমষ্টিৰ লগতে দাদৰ আৰু নগৰ হাভেলী, মধ্যপ্রদেশ আৰু হিমাচল প্ৰদেশৰ মুঠ তিনিটা লোকসভা সমষ্টিতো একেদিনাই উপ-নির্বাচন অনুষ্ঠিত হ’ব। নির্বাচনী সূচী অনুসৰি ১ অক্টোবৰত নিৰ্বাচনী অধিসূচনা জাৰি হʼব আৰু নির্বাচনী অধিসূচনা জাৰিৰ দিনটোৰ পৰা প্রার্থীসকলে মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৮ অক্টোবৰলৈ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ধার্য কৰা হৈছে। ১১ অক্টোবৰত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হʼব। ১৬ অক্টোবৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৩০ অক্টোবৰত ভোটগ্রহণ অনুষ্ঠিত হʼব।