২৯ ছেপ্টেম্বৰৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সম্পুৰ্ণৰূপে সাজু মাজুলী জিলা প্ৰশাসন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা– ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে মাজুলী জিলাতো অহা ২৯ ছেপ্টেম্বৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (স্নাতক পৰ্যায় আৰু গাড়ীচালক) অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । জিলাখনত সৰ্বমুঠ ৫,৬৪২ গৰাকী প্ৰাৰ্থীয়ে স্নাতক পৰ্যায়ৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰু ১,৭৩৪ গৰাকী প্ৰাৰ্থীয়ে গাড়ীচালকৰ চাকৰিৰ বাবে পৰীক্ষাত বহিব । জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি স্নাতক পৰ্যায়ৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ১০ টা কেন্দ্ৰত আৰু গাড়ীচালক বাচনিৰ বাবে ২ টা কেন্দ্ৰত অনুষ্ঠিত হ’ৱ । এই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা যাতে শান্তিপূৰ্ণ ভাৱে আৰু চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা হাতত লৈছে । ইতিমধ্যে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ অধ্যক্ষতাত ২৯ ছেপ্টেম্বৰৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগত এখন বৈঠকো অনুষ্ঠিত হৈ যায় ।