২৭ নৱেম্বৰত বিধায়কৰ এদিনীয়া প্ৰশিক্ষণ

PC- Insidene

২৭ নৱেম্বৰত বিধায়কৰ এদিনীয়া প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপিৰ সকলো মন্ত্রী-বিধায়কে মুম্বাইত দলীয় প্রশিক্ষণলৈ উভতি অহাৰ পাছত এইবাৰ অসম বিধানসভাত সাজু হৈছে পঞ্চদশ বিধানসভালৈ নির্বাচিত হৈ অহা ১২৬ গৰাকী বিধায়কক প্রশিক্ষণ দিবলৈ। অহা ২৭ নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে এই বিধায়কসকলক প্রশিক্ষণ দিয়া হ’ব অসম বিধানসভাৰ চৌহদত। অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে। সংসদীয় নীতি-নিয়ম সন্দৰ্ভতে এই প্রশিক্ষণ দিয়া হ’ব। উল্লেখ্য যে বিধানসভাত বহু বিধায়কে সংসদীয় নীতি-নিয়ম নাজানি বিভিন্ন সময়ত ভুল কৰা দেখিবলৈ পোৱা যায়। এনে পৰিপ্ৰেক্ষিততেই বিধানসভা কর্তৃপক্ষই বিধায়কসকলক প্রশিক্ষণ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু প্ৰধান সচিব হেমেন দাস হিমাচল প্ৰদেশৰ চিমলা অভিমুখে ৰাওনা হৈছে। চিমলাত অনুষ্ঠিত হ’বলগীয়া দেশৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু প্ৰধান সচিবসকলৰ এখন সন্মিলনত দুয়োগৰাকীয়ে অংশ ল’ব। এই সন্মিলনত লোকসভা আৰু ৰাজ্যসভাৰো প্ৰধান সচিবে অংশ ল’ব।