২৫ মে’ৰ দিনটোত গুৱাহাটীতে নতুনকৈ কোভিড পজিটিভ ৭২৯, কৰ’না ভাইৰাছৰ বাবে ৰাজ্যত ৯২ গৰাকী লোকৰ মৃত্যু

PC-NEWINDIANEXPRESS

অনলাইন বাৰ্তসেৱা-  অসম ৰাজ্যত কোভিড-১৯ মহামাৰীৰ প্ৰথম ঘটনা টো ২০২০ চনৰ ৩১ মাৰ্চত হৈছিল। ২০২১ চনৰ ২৫ মে’লৈকে অসম চৰকাৰে ৰাজ্যখনত ৬৭,৬৪১ জন পুনৰুদ্ধাৰ আৰু ২৩৪ জনলোকৰ মৃত্যুকে ধৰি কোভিড-১৯ৰ মুঠ ৮৯,৪৬৮ টা ইতিবাচক ঘটনা নিশ্চিত কৰিছে। ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ বৃহত্তম চহৰ গুৱাহাটী কৰোনাভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীৰ বাহিৰে ৰাজ্যৰ আন প্ৰান্তত পৰিস্থিতি যথেষ্ট উন্নত হোৱা নাই আৰু কয় সংক্ৰমিত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও  মৃত্যু ঘটা লোকৰ সংখ্যা  হ্রাস পোৱা নাই ।

২৫ মে’ৰ দিনটোত মাৰাত্মক কৰ’না ভাইৰাছ বাবে মৃত্যু ৰাজ্যৰ ৯২ গৰাকী লোকৰ৷ চিকিৎসাধীন অৱস্থাতে দিনটোত মৃত্যু ঘটিল এই বৃহৎসংখ্যক লোকৰ। সামগ্ৰিকভাৱে কৰ’না ভাইৰাছৰ সংক্ৰমণ পূৰ্বৰ তুলনাত কিছু হ্রাস পাইছে যদিও মাৰাত্মক ভাইৰাছটোত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা  হ্রাস পোৱা নাই৷  ২৫ মেৰ দিনা ৰাজ্যত নতুনকৈ চিনাক্ত হৈছে ৫৭৬৭ গৰাকী কোভিড পজিটিভ ব্যক্তি। অৱশ্যে ইমান বৃহৎসংখ্যক পজিটিভৰ মাজতো আশাৰ খবৰ এয়াই যে ক্ৰমাৎ হ্রাস পাইছে পজিটিভিটীৰ হাৰ। ৰাজ্যখনত আজি সৰ্বমুঠ ১,১৪,৩১৫ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰোৱা হৈছিল আৰু ইয়াৰে ভিতৰত ৫,৭৬৭ গৰাকী লোক কোভিড পজিটিভ চিহ্নিত হৈছে। পজিটিভিটীৰ হাৰ হ’ল ৫.০৪ শতাংশ। উল্লেখ্য যে কেৱল কামৰূপ মহানগৰ জিলাতে ২৫ মে’ৰ দিনটোত নতুনকৈ চিনাক্ত ৬২৪ গৰাকী কোভিড পজিটিভ ব্যক্তি আৰু দিনটোত গুৱাহাটীত নতুনকৈ চিনাক্ত হৈছিল ৭২৯ গৰাকী কোভিড পজিটিভ ব্যক্তি।