২০২১ চনৰ পৰা সোণৰ অলংকাৰত হলমাৰ্ক বাধ্যতামূলক ‘হলমাৰ্ক থকা সোণৰ অলংকাৰহে ক্ৰয় কৰক’

২০২১ চনৰ পৰা সোণৰ অলংকাৰত হলমাৰ্ক বাধ্যতামূলক ‘হলমাৰ্ক থকা সোণৰ অলংকাৰহে ক্ৰয় কৰক’

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰে ২০২১ চনৰ ১ জুনৰ পৰা সোণৰ অলংকাৰ,শিল্পকৰ্মত হলমাৰ্ক বাধ্যতামূলক কৰিবলৈ সিদ্ধান্ত লৈছে৷- এই মন্তব্য বিআইএছ গুৱাহাটীৰ মুৰব্বী সব্যসাচী ধৰৰ৷ দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত সব্যসাচী ধৰে কয়- ধনতেৰাছ আৰু দেৱালী উৎসৱৰ বতৰত সোণৰ গহনাৰ হলমাৰ্কিঙৰ বিষয়ে গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টি কৰাটো আমাৰ দায়িত্ব৷এই উদ্দেশ্যই এনইএআইডিৰ সহযোগত ভাৰতীয় মানক ব্যুৰোৱে চহৰখনৰ বিভিন্ন স্থানত বাটৰ নাট অনুষ্ঠিত কৰে৷ ক্ৰয় কৰা গহনাবোৰৰ প্ৰয়োজনীয় বিশুদ্ধতা নিশ্চিত কৰাৰ একমাত্ৰ উপায় হ’ল হলমাৰ্কযুক্ত জুৱেলাৰী বিচৰা আৰু তিনিটা চিন বিচৰা যিসমূহ হৈছে বিআইএছ ষ্টেণ্ডাৰ্ড মাৰ্ক, সোণৰ বিশুদ্ধতা আৰু সূক্ষ্মতা। গ্ৰাহকসকলে চিনটো প্ৰমাণিত কৰিবলৈ বৈধ অনুজ্ঞাপত্ৰ থকা জুৱেলাৰৰ সৈতে উপলব্ধ মেগনিফাইং গ্লাছ ১০এক্সৰ সহায় ল’ব পাৰে৷ অলংকাৰৰ শুদ্ধতা সম্পৰ্কে তথ্য লাভ কৰিবলৈ বিআইএছ কেয়াৰ এপৰ জৰিয়তে গহনাবোৰৰ ওপৰত থকা ছয় টা সংখ্যাৰ আলফানিউমেৰিক কোড পৰীক্ষা কৰিব পাৰে৷ গ্ৰাহকসকলক আঙঠি আদিৰ দৰে সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত দোকানৰ নাম, গ্ৰামত ওজন, কাৰ্টেজ, ক্ৰয়ৰ তাৰিখ, মান পৰীক্ষণ মাচুল আদিৰ বিৱৰণ থকা এখন সঠিক বিলৰ সৈতে হলমাৰ্কযুক্ত গহনা ক্ৰয় কৰিবলৈ আহ্বান জনালোঁ৷ কিয়নো ই অনুসৰণযোগ্যতা বজাই ৰখাত সহায় কৰে।প্ৰতিনিধিসকলৰ দ্বাৰা এইটোও জনোৱা হয় যে জুৱেলাৰসকলে পঞ্জীয়নৰ বাবে কোনো মাচুল পৰিশোধ কৰাৰ প্ৰয়োজন নাই আৰু সেয়েহে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীবোৰ হলমাৰ্কযুক্ত কৰাবলৈ তথা তেওঁলোকৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰিবলৈ অনলাইন পঞ্জীয়ন প্ৰাপ্ত কৰা উচিত।ভাৰতীয় মানক ব্যুৰ প্ৰতীক চিহ্ন আৰু হলমাৰ্ক ১৪,১৮,২০,২২,২৩ আৰু ২৪ কেৰেটৰ অলংকাৰ আৰু শিল্পকৰ্মত সন্নিবিষ্ট কৰা হয় আৰু পঞ্জীকৃত অলংকাৰ নিৰ্মাতা প্ৰতিষ্ঠানে গোটেই দেশতে স্বীকৃত বিক্ৰী কেন্দ্ৰৰ মাধ্যমেৰে বিক্ৰী কৰিব পাৰিব৷ক্ৰেতাসকলে যিকোনো অলংকাৰ কিনাৰ আগতে ভাৰতীয় মানক ব্যুৰ’ই প্ৰদান কৰা পঞ্জীয়নৰ কাগজ পত্ৰ পৰীক্ষা কৰি চাব লাগে৷সংবাদ মেলত গুৱাহাটীৰ বিআইএছৰ হল মাৰ্কিঙৰ এজেন্ট দ্বীপ ডেকা,বিআইছৰ ডেপুটী সঞ্চালক বিজয় গৌৰিও উপস্থিত থাকে৷