১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশ লােৱা অসমৰ বীৰ যােদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জনােৱাৰ বাবে বিশেষ অনুষ্ঠান

pc northeast now

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশ লােৱা অসমৰ বীৰ যােদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জনােৱাৰ বাবে বিশেষ অনুষ্ঠান

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত দেশমাতৃৰ সুৰক্ষাৰ স্বাৰ্থত শত্ৰুৰ সৈতে সমুখ সমৰত অদম্য সাহস আৰু আত্মবলিদানেৰে দেশপ্ৰেমৰ অপূর্ব নিদর্শন দাঙি ধৰা অসমৰ বীৰ যােদ্ধাসকললৈ অসমবাসীৰ হৈ সন্মান আৰু কৃতজ্ঞতা জনােৱাৰ উদ্দেশ্যে অসম চৰকাৰে এক বিশেষ অনুষ্ঠানৰ আয়ােজন কৰিছে। গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ােজিত এই অনুষ্ঠানত কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিবঅসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বীৰ যােদ্ধাসকলক সন্মান জনােৱা হ’ব।  উল্লেখযােগ্য যে এই যুদ্ধত অসমৰ পৰা ৯গৰাকী শ্বহীদ হােৱাৰ উপৰি দুগৰাকী যােদ্ধা শত্ৰুৰ হাতত বন্দী হৈছিল আৰু ৮গৰাকী চিৰদিনৰ বাবে ঘূণীয়া হ’বলগা হৈছিল। আন ১৬গৰাকী বিষয়া আৰু ৭০ গৰাকী জোৱানেও বীৰত্বৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিছিলকাইলৈ এই ১০৫গৰাকী বীৰযােদ্ধালৈ সন্মান প্রদান কৰা হ’ব। ইয়াৰে শ্বহীদকেইগৰাকীৰ লগতে ইতিমধ্যে দেহাৱসান ঘটা বীৰ যােদ্ধাসকলৰ হৈ তেওঁলােকৰ নিকটাত্মীয়ই এই সন্মান গ্রহণ কৰিব আৰু অন্যান্যসকলে অনুষ্ঠানত নিজে উপস্থিত থাকি সন্মাগ্ৰহণ কৰিব। |