১৭৯খন সংস্কৃত টোল প্ৰাদেশিকীকৰণৰ দাবী

১৭৯খন সংস্কৃত টোল প্ৰাদেশিকীকৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-সদৌ অসম অ-প্রাদেশীকৃত সংস্কৃত টোল শিক্ষক কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিন ধৰি চৰকাৰৰ স্বীকৃতি প্রাপ্ত ১৭৯ খন টোল প্ৰাদেশিকীকৰণৰ কাৰণে দাবী জনাই আহিছে।এই মন্তব্য কৰে সন্থাৰ সম্পাদক ৰাজীৱ ৰাজকুমাৰে  ৷ দিছপুৰ প্ৰেছ ক্লাবত সংগঠনটোৱে আয়োজন কৰা সংবাদ মেলত ৰাজকুমাৰে পুনৰ কয়  বিভিন্ন সময়ত স্মাৰক পত্ৰ দি আহিছে কিন্তু চৰকাৰে আজিলৈকে এই টোল সমূহ প্ৰাদেশিকীকৰণৰ বিহীত ব্যৱস্থা হাতত লোৱা নাই। ফলত টোলসমূহত সংস্কৃত ভাষাত শিক্ষাদান কৰা শিক্ষক কৰ্মচাৰীৰ জীৱনত অমানিশা নামি আহিছে। এই সময়ত জীৱনৰ আধা বয়স গ’ল,তাৰপাছতো আজিলৈকে দৰমহা বিহীনভাৱে কাম কৰি আছে।২৬ এপ্ৰিলত সংন্হাই সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে চৰকাৰক ’চম পত্ৰ’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মর্মে ২৮ এপ্ৰিলত সন্থাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কাৰ্য্যালয়ত গৈ তেওঁৰ উদ্দেশ্যে ’চৰম পত্ৰ’ প্ৰদান কৰা হৈছে। আমাৰ দাবী ১৫ দিনৰ ভিতৰত সমাধানৰ কাৰণে সময়সীমা বান্ধি দিয়া হৈছে। অন্যথা আমি উপযুক্ত আইনৰ ব্যৱস্থা গ্ৰহণ কৰিম৷উল্লেখ্য, সংস্কৃত ভাষা হিন্দু সনাতন ধর্মও ভাৰতীয় সংস্কৃতিৰ মূল উৎস। এই ভাষা শিক্ষাদানৰ কাৰণে চৰকাৰৰ অনুমতি সাপেক্ষে স্থাপন কৰা টোল সমূহ প্ৰাদেশিকীকৰণ নকৰি ই ’দ্যা আসাম ভেঞ্চাৰ সংস্কৃত এন্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যনচ্ (প্রভিন্সিয়েলাইজেশ্ব্যন অৱ চাৰ্ভিচেছ) (ৰিপিলিং)বিল, ২০২২বিধান সভাত গৃহীত কৰে। যাৰ ফলত চৰকাৰে আমাৰ শিক্ষক-কৰ্মচাৰী সকলৰ প্ৰতি অমানৱিক ব্যৱহাৰ কৰিছে আৰু সনাতন ধর্ম ও ভাৰতীয় সংস্কৃতিক অপমান কৰিছে।সংবাদ মেলত ৰাজকুমাৰে দাবী জনাই কয় যে আমাৰ অ-প্ৰাদেশীকৃত সংস্কৃত টোলবোৰক চৰকাৰৰ বিভাগীয় আমোলা-বিষয়াৰ দ্বাৰা স্বীকৃতি দিয়া আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত বোর্ড বা পৰৱৰ্তী সময়ত সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ সম্পূৰ্ণ চিলেবাচ তথা নিয়ম কানুন মানি লৈ বিধি সন্মতভাৱে বৰ্ত্তমান সময়লৈ পৰীক্ষা পাতি অহা টোলসমূহ চৰকাৰে হঠকাৰী সিদ্ধান্তৰ দ্বাৰা হঠাত বন্ধ কৰি দিব বিচৰাটো কোনো পধ্যেই মানি লোৱা নহ’ব। চৰকাৰে সংস্কৃত টোলসমূহক সংস্কাৰ কৰি নতুন শিক্ষানীতিৰ অন্তৰ্ভূক্তিৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা সংস্কৃত ভাষা বাধ্যতামূলক কৰি পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে টোল সমূহক আদর্শ সংস্কৃত বিদ্যালয় হিচাপে গঢ়ি তুলিব লাগে৷ভাৰত বৰ্ষৰ অন্য ৰাজ্যত যিভাৱে পৰম্পৰাগত ধ্রুপদী শিক্ষানুষ্ঠান, গুৰুকুলবোৰ চলি আছে তেনেকৈ সংস্কৃত টোল বা বিদ্যালয় সমূহ চলাই নিবলৈ চৰকাৰক অনুৰোধ জনোৱা হৈছে৷ অন্য দেশে সংস্কৃতক আকোৱালি লোৱাৰ সময়ত ভাৰতীয় মূলৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কুটিল ৰাজনীতিৰ বাবে সংস্কৃত ভাষাৰ আদিপাঠ দিয়া সংস্কৃত টোলৰ এনেকুৱা দুৰৱস্থা সঁচাকৈ দূৰ্ভাগ্যজনক।চৰকাৰে সংস্কৃত টোল বন্ধ কৰক। তাত আমাৰ আপত্তি নাই কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃতি প্রাপ্ত এই অ-প্রাদেশীকৃত সংস্কৃত টোল সমূহত কৰ্মৰত শিক্ষক সকলৰ জীৱনৰ নিৰাপত্তা কোনে ল’ব৷ তেওঁলোকে আজি পোন্ধৰ-বিশ বছৰে বিনা বেতনে শিক্ষকতা কৰি জীৱনৰ অন্তিম বয়সত তেওঁলোকে কি কৰি জীৱন চ’লাব। এই বিষয়ে চৰকাৰে স্পষ্টভাৱে ক’ব লাগিব। চৰকাৰে টোল বন্ধ কৰাৰ আগতে টোলৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ প্ৰথমে জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক। তাৰ পাছত তেওঁলোকে টোল বন্ধ কৰক তাত আমাৰ আপত্তি নাই।অ-প্রাদেশীকৃত সংস্কৃত টোলৰ কিছু সংখ্যক টোলে কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী বিত্তীয় সাহায্যও লাভ কৰি বিদ্যালয় গৃহবোৰ সুন্দৰভাৱে নিৰ্মাণ কৰি ল’বলৈ সক্ষম হৈছিল ৷সংবাদ মেলত আইন উপদেষ্টা নীলমনি হাজৰিকা,কাৰ্যকৰী সভাপতি লীনা দেৱী সৰকাৰ,সহ সম্পাদক হৰিপ্ৰসাদ শৰ্মা উপস্থিত থাকে ৷