১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে কোভিড-১৯ টিকাকৰণ আৰম্ভ 

p.C Times of India

১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে কোভিড-১৯ টিকাকৰণ আৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত আজিৰ পৰা ১৫ ৰ পৰা ১৮ বছৰবয়সৰ শিশুক কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ আৰম্ভ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে কেৱল কিশোৰসকলক কভাক্সিন প্ৰদান কৰা হ’ব আৰু ভেকছিনৰ অতিৰিক্ত পালি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা হ’ব। টিকাকৰণৰ বাবে চৰকাৰৰ কোউইন পৰ্টেলত ৮ লাখতকৈও অধিক কিশোৰে পঞ্জীয়ন কৰিছে।