১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী

pc The Janambhumi

১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী

ৰঙিলী বাৰ্ত্তাসেৱা- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰা ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক কৈফিয়ৎ তলব অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ।ৰাজ্যৰ ১৩৮খন মাধ্যমিক সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেবাৰে শোচনীয় প্ৰদৰ্শন বিদ্যালয়সমূহৰ ভিতৰত ৩০খন বিদ্যালয়ৰ এগৰাকীও ছাত্ৰ-ছাত্ৰী শিক্ষকলৈ মাধ্যমিক শিক্ষা বিভাগে প্ৰেৰণ কৰিছে জাননী।শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শূন্য শতাংশ উত্তীৰ্ণ হোৱা ২৫ খন বিদ্যালয়, ১০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা ৭০ খন বিদ্যালয় আৰু ১০ শতাংশ উত্তীৰ্ণ হোৱা ৭খন বিদ্যালয়সহ মুঠ ১০২ খন বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰি কৈফিয়ৎ তলব কৰা হৈছে।এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ অতি শোচনীয় ফল সন্দৰ্ভত উক্ত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক কিম্বা অধ্যক্ষই মাধ্যমিক শিক্ষা বিভাগক উত্তৰ দিব লাগিব।উল্লেখযোগ্য যে কাছাৰ জিলাৰ সৰ্বাধিক ১৪খন, কাৰ্বি আংলং জিলাৰ ১১খন, গোৱালপাৰা জিলাৰ ৯খন, যোৰহাট জিলাৰ ৮খন, নগাঁও জিলাৰ ৮খন, কামৰূপ মহানগৰ জিলাৰ ৬খন, ডিব্ৰুগড় জিলাৰ ৫খন, ধুবুৰী জিলাৰ ৪খন, পশ্চিম কাৰ্বি আংলং জিলাৰ ৪খন, কৰিমগঞ্জ জিলাৰ ৫খন, বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাৰ ৩ খনকৈ বিদ্যালয়লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এই জাননী।শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেট্ৰিক পৰীক্ষাত শূন্য ফল প্ৰদৰ্শন কৰা আৰু অতি কমসংখ্যক পৰীক্ষাৰ্থী উত্তীর্ণ হোৱা উক্ত ১৩৮খন চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে বিশেষকৈ প্রধান শিক্ষক, শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।