হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

Pc The Janambhumi

হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া সমাজ জীৱনত পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ।এই পৱিত্ৰ ভাদ মাহতেই দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল।ভাদ মাহতেই উপজিছিল ভগৱান কৃষ্ণ।ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে।হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম।ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰাকৈ আয়োজন কৰিছে চাৰি প্ৰসংগীয়া নাম।অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰায় ৩০ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি।পৱিত্ৰ ভাদমাহত একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠধামত পৰিণত হ’ব গুৰু মাধৱদেৱ প্ৰতিষ্ঠিত অন্যতম ধৰ্মীয় পীঠস্থান ঢেকীয়াখোৱা বৰনামঘৰ।