হোমেন বৰগোহাঞি- চুমী মহন্ত, উৰঙ্গীয়াল গাওঁ,বৰহোলা যোৰহাট

pc-times8

সদৌ অসম ছাত্ৰ সমাজে মহীৰূপ শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি ছাৰৰ স্মৃতিত আয়োজন কৰা কবিতা লিখা প্ৰতিযোগিতা ৰ ফলাফল সমূহৰ স্থান প্ৰাপ্ত কবিতা সমূহ – 

তৃতীয় স্থান প্ৰাপ্ত

হোমেন বৰগোহাঞি

আত্মাৰ সন্ধানী হে‌ পুণ্যাত্মা,
তোমাৰ অৱদানতেই ‘মৎস্যগন্ধা’ৰ সুগন্ধি বিলাই,
বোকোচাত উঠি চাৰিওদিশে চাই
‘সাউদৰ পুতেকে নাও মেলি যায় ‘।
কোনোবা আন্ধাৰ গলিত আজিও
বহু ‘সুবালা ‘ই ‘ বিষনন্নতা ‘ক কোলাত লৈ
‘ নিসংগতা ‘ক আপোন কৰে
বহু জনৰ মাজত থাকিও সংগোপনে ।
‘সৰল জীৱন সুখী জীৱন’ উপভোগৰ বাবে
‘ উচ্চাকাংক্ষা ‘ কো সঠিক পথত বাচনি কৰাৰ
পথ প্ৰদৰ্শক তুমি,
‘ বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি’ ক সাক্ষী কৰি
তুমিও কৰিলা অলেখ কীৰ্ত্তি।
‘ কিশোৰ সাৰথি ‘ তুমি ‘অস্তৰাগ’ৰ প্ৰতিমূৰ্ত্তি
‘আধুনিক যুগৰ জন্ম কাহিনী’ শুনাই তুমি
দিলা আমাক ‘প্ৰজ্ঞাৰ সাধনা’ক প্ৰজ্বলিত কৰি।
‘মানুহ হোৱাৰ গৌৰৱেৰে’ ‘গদ্যৰ সাধনা’ কৰা
তুমিয়েই অসমৰ অন্যতম এক পুণ্যাত্মা
তোমাৰ নামতেই উচৰ্গিত
মোৰ এই কবিতা।
✍️চুমী মহন্ত।
উৰঙ্গীয়াল গাওঁ,বৰহোলা
যোৰহাট।