হোমিও চিকিৎসকৰ মৃত্যু

হোমিও চিকিৎসকৰ মৃত্যু

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  কলাইগাঁৱৰ সমীপৱৰ্তী সমলাবৰী নিবাসী হোমিও চিকিৎসক প্ৰয়াত ডাঃ প্ৰফুল্ল চন্দ্ৰ ডেকাৰ পুত্ৰ হেমন্ত কুমাৰ ডেকাৰ (৫৪) যোৱাকালি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। পিতৃৰ পদাংক অনুসৰণ কৰি সুদীৰ্ঘকাল কলাইগাঁও ভাগৱত মন্দিৰৰ ওচৰত হোমিও চিকিৎসা সেৱা আগবঢ়াই থকা হেমন্ত কুমাৰ ডেকা কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল। হোমিও চিকিৎসক হিচাপে খ্যাতি থকা অমায়িক ডেকাৰ মৃত্যুৰ খবৰে অঞ্চলটিত শোকৰ ছাঁ পেলায়।‌ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰৰ লগতে আত্মীয় স্বজনক এৰি থৈ যায়। তেখেতৰ মৃত্যুত কলাইগাওঁ ব্যৱসায়িক সন্থাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।