হোটেল শ্বুলিন গ্ৰেণ্ডত গ্ৰন্থ উন্মোচন

হোটেল শ্বুলিন গ্ৰেণ্ডত গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ৰুক্মিণীনগৰস্থিত “হোটেল শ্বুলিন গ্ৰেণ্ডত”  আবেলিৰ ভাগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷সভাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া নিতীন খাড়েৰ মূল ইংৰাজী ভাষাত লিখা কাজিৰঙা বিষয়ক চিত্ৰসম্বলিত উপন্যাস ‘On the Trail of a Poacher’ ৰ অসমীয়া অনুবাদ ‘এটা চোৰাং চিকাৰীৰ সন্ধানত’ উন্মোচন কৰা হয়৷গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক -সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া ,কবি ,অভিনেতা, পৰিচালক পাৰ্থসাৰথি মহন্ত আৰু লেখক চিন্তাবিদ তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত উপস্থিত থাকে৷গ্ৰন্থখন প্ৰকাশ কৰিছে ‘বুকবেল’ৰ হৈ অভিজিত গোস্বামীয়ে৷