হে শিক্ষা গুৰু ৰাধাকৃষ্ণণ – ছেলিমা বেগম

হে শিক্ষা গুৰু ৰাধাকৃষ্ণণ 
ছেলিমা বেগম, নগাঁও
হে নমস্য শিক্ষা গুৰু ৰাধাকৃষ্ণণ,
পাঁচ চেপ্তেম্বৰ তাৰিখে তোমাক
 কৰো স্মৰণ তোমাক আমি ।
তোমাৰ আদৰ্শ পালন কৰি
শিক্ষা আছে আজিও আগবাঢ়ি।
দিছিলা তুমি জ্ঞানৰ পোহৰ
 বিলাই শিক্ষা জগতত
সূৰ্য্যৰ লগত তোমাক তুলনা
কৰিলে ভুল নহ’ব ।
সূৰ্য্যৰ পোহৰত আমি
তেনেকৈ বাট দেখিব পাৰি
 তুমি দেখুৱাই দিছিলা শিক্ষাৰ পোহৰ।
এজন আদৰ্শ শিক্ষক, দাৰ্শনিক পণ্ডিত
হৈ জগত জিলিকি দেখুৱাই দিলা,
ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰাই
আছিল তোমাৰ মূল উদ্দেশ্য।
ৰাজনৈতিক জগতত তোমাৰ
 নাম নুই কৰিব নোৱাৰিম ।
হে জ্ঞানৰ আলম হে পূজাৰী
হে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
 ডাঙৰীয়া তোমাৰ জন্ম দিনত
ভাৰতবৰ্ষৰ সকলো মিলি
 পালন কৰোঁ শিক্ষক দিৱস।