হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বান চোৱা মন্ত্ৰী অশোক সিংঘালক দায়ী কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন

Pc Wikipedia

হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বান চোৱা মন্ত্ৰী অশোক সিংঘালক দায়ী কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিন পূৰ্বে গুৱাহাটীৰ গণেশগুৰিত দুৰ্ঘটনাত পতিত হৈ প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰী নিহত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিভাগ বা বিভাগীয় বিষয়া-কৰ্মচাৰীক দায়বদ্ধ নকৰি অকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়া আৰু দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখমৰ চালকক গ্ৰেপ্তাৰ কৰা কাৰ্যত আশ্চৰ্য ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক বিবৃতিত কয় যে দুৰ্ঘটনাটো চালে এইটো নিশ্চিতভাৱে কব পাৰি যে ইয়াত জলবোৰ্ড, গুৱাহাটী পৌৰ নিগম, লোকনিৰ্মাণ বিভাগ আৰু গুৱাহাটী যান-বাহন আৰক্ষী এই আটাইকেইটা বিভাগৰ ব্যৰ্থতা ইয়াত জড়িত হৈ আছে৷ কাৰণ জলবোৰ্ডৰ অধীনত কাম কৰা ঠিকাদাৰে ক’ত গাঁত খান্দিছে আৰু গাঁতটো কি অৱস্থাত আছে, সেয়া পৰ্যবেক্ষণ কৰাৰ দায়িত্ব জলবোৰ্ডৰ অভিযন্তা তথা ক্ষেত্ৰ পৰিদৰ্শকৰ৷ গুৱাহাটী পৌৰ নিগমৰো একেই দায়িত্ব৷ লোকনিৰ্মাণ বিভাগৰ পথত বৃহৎ বৃহৎ গাঁত খান্দি থৈছে, পথ পৰিস্কাৰ হৈ থকা নাই, সেইটো চোৱা-চিতা কৰাটো লোকনিৰ্মাণ বিভাগৰ দায়িত্ববাহী বিষয়া-অভিযন্তাৰ দায়িত্ব৷ যান-বাহন আৰক্ষীয়েও ৰাজপথ মুকলি ৰখাৰ দায়িত্ব পালন কৰিব লাগে৷ কিন্তু উল্লিখিত ঘটনাৰ ক্ষেত্ৰত দেখা গৈছে যে কোনো এটা বিভাগৰে কোনো দায়িত্ববাহী বিষয়া-অভিযন্তাই এইক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰা নাই৷ এনে অৱস্থাত এই আটাইকেইটা বিভাগৰে দায়িত্ববাহী বিষয়া-অভিযন্তাক চৰকাৰে জৱাবদিহী কৰিব লাগিছিল৷ কিন্তু তাকে নকৰি চৰকাৰে অকল ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকছনৰ মেনেজাৰ জে বালাজীক গ্ৰেপ্তাৰ কৰোৱায়ে দায়িত্ব সামৰিছে৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক বিপুল বড়োকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ সংশ্লিষ্ট চৰকাৰী বিভাগক জৱাবদিহী নকৰি কেৱল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়া আৰু গাড়ী চালকক গ্ৰেপ্তাৰ কৰা এই কাৰ্যক একপক্ষীয় আখ্যায়িত কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে এয়া চৰকাৰৰ খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ মৰা নীতিৰ বহিৰ্প্ৰকাশ৷আনহাতে অসম বিধানসভাৰ দেৱালৰ কাষতে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বৰ বেছি দুশ মিটাৰ দূৰত্বত সংঘটিত উক্ত ঘটনাৰ খবৰ ল’বলৈ মুখ্যমন্ত্ৰী বা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ঘটনাস্থলীতে হওক বা নিহত ছাত্ৰীগৰাকীৰ ঘৰতে হওক উপস্থিত নোহোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ গুৱাহাটীৰ আকাশত টহল দিবলৈ সময় উলিয়াব পাৰে, কিন্তু তেওঁৰে বিভাগৰে অধীনস্থ প্ৰতিষ্ঠানৰ ভুলৰ বাবে এগৰাকী ছাত্ৰীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ খবৰ লবলৈ মন্ত্ৰীগৰাকীয়ে সময় নাপায়৷প্ৰিয়া কুমাৰীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ দায়ৰ পৰা বিভাগীয় মন্ত্ৰীগৰাকীয়ে হাত সাৰিব নোৱাৰে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷