হেলমেট পৰিধান নকৰা  দুচকীয়া  বাহনৰ  চালক – আৰোহীৰ বিৰুদ্ধে চানমাৰি আৰু গণেশগুৰীত পৰিবহণ বিভাগৰ অভিযান 

হেলমেট পৰিধান নকৰা  দুচকীয়া  বাহনৰ  চালক – আৰোহীৰ বিৰুদ্ধে চানমাৰি আৰু গণেশগুৰীত পৰিবহণ বিভাগৰ অভিযান 

ৰঙিলী বাৰ্ত্তাসেৱা-  পথ সুৰক্ষা সজাগতা আৰু দুৰ্ঘটনা সংঘটিত হ’লেও যাতে দুচকীয়া বাহনৰ  চালক আৰু পাছত বহি যোৱা আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত  চালক –আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো  বাধ্যতামূলক কৰিছে  কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ  ( প্ৰৱৰ্তক ) কাৰ্যালয়ে । যাৰ বাবে পূৰ্বতে কৰা ঘোষণা অনুসৰি গুৱাহাটী মহানগৰীত বিশেষ অভিযান আৰম্ভ  কৰিছে পৰিবহণ বিভাগে । জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰী আৰু চানমাৰিত  এক বিশেষ  অভিযান চলায় । অভিযান কালত  দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে  হেলমেট পৰিধান নকৰা  বহু কেইটা ঘটনা ধৰা পেলোৱা হয় ।  এই সন্দৰ্ভত  মটৰ পৰিবহণ আইনৰ অধীনত মুঠ  ২৭৭   টা গোচৰ ৰজু কৰা হয় ।  তেনেদৰে অভিযান কালত  হেলমেট পৰিধান নকৰা চালক – আৰোহীৰ পৰা থিতাতে ৪৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় ।  জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ  দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰা তথা  দুচকীয়া বাহনৰ চালক  আৰু পাছত বহি যোৱা আৰোহীয়ে  হেলমেট পৰিধান   নকৰা সকলৰ  বিৰুদ্ধে পৰিবহণ বিভাগৰ  এই অভিযান আগন্তক দিনত  চলি থাকিব ।