হেলথ্‌ চিটী হাস্পতালত বিশ্ব ধাত্ৰী দিৱস উদ্‌যাপন

হেলথ্‌ চিটী হাস্পতালত বিশ্ব ধাত্ৰী দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তসেৱা-  নাৰ্ছিং কেৱল এটা পেচা নহয়, এই পেচাত নিয়োজিতসকলৰ জীৱনৰ লক্ষ্য পূৰণৰ এক আভিযান। সেয়ে প্ৰতিগৰাকী নাৰ্ছে মাতৃৰ মমতাৰে ৰোগীক আনন্দ মনেৰে সেৱা আগবঢ়াব পাৰে।আজি হেলথ্ চিটী হাস্পতালত অনুষ্ঠিত বিশ্ব ধাত্ৰী দিৱসত এই মন্তব্য কৰে হাস্পতালৰ মুখ্য চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তীয়ে। আনহাতে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি আছাম নাৰ্ছিং কাউঞ্চিলৰ পঞ্জীয়ক ইলোৰা ব্ৰহ্মই বিশ্ব ধাত্ৰী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি কয়–নাৰ্ছিং পেচাৰ অন্তৰ্নিহিত চালিকা শক্তি হ’ল আত্ম নিবেদনৰ মনোভাৱ। ৰোগীৰ সেৱাত নিজকে উৎসর্গা কৰা। কেৱল নাৰ্ছ সকলেই পেচাৰ মাধ্যমত মানৱ সেৱাৰ এনে সুযোগ লাভ কৰে। তেওঁ এইবেলিৰ ধাত্ৰী দিৱসৰ মূল বিষয়ৰ তাৎপর্য ব্যাখ্যা কৰি আৰু কয়—প্ৰতিজন ৰোগীৰ নিৰাময়ৰ ক্ষেত্ৰত নাৰ্ছৰ ভূমিকা অপৰিহাৰ্য। মানৱ সম্প্রদায়ক সুস্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত চিকিৎসকৰ অৱদানৰ সৈতে নাৰ্ছসকলৰ অৱদানো সমানেই শ্রদ্ধাসহকাৰে স্বীকাৰ কৰা হয়। মানৱ জাতিৰ ৰোগ নিৰাময়ত নাৰ্ছসকলৰ অসামান্য ভূমিকা আৰু অপৰিহাৰ্যতাৰ কথা বিবেচনা কৰিয়ে বিশ্বৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা খণ্ডই নাৰ্ছিঙত অধিক বিনিয়োগ কৰা প্রয়োজন, যাতে মানৱ জাতিৰ সুস্বাস্থ্য ৰক্ষাৰ নাৰ্ছসকল হ’ব পাৰে নেতৃত্ব প্রদানকাৰী কণ্ঠস্বৰৰ দৰে। উল্লেখ্য যে অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰসংগত হেলথ্ চিটী হাস্পতালৰ ধাত্ৰী বিভাগৰ অধীক্ষক স্বপ্না শ‍ইকীয়াই ধাত্ৰী বিদ্যাৰ মাতৃ ফৰেন্স নাইটিংগেলৰ মহান ত্যাগ আৰু অৱদানৰ কথা উল্লেখ কৰে। অনুষ্ঠানত হেলথ্ চিটীৰ চিকিৎসা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, শৈক্ষিক সঞ্চালক ডাঃ বিজু চৌধুৰী, ডাঃ বিকাশ চৌধুৰীৰ লগতে ডেৰ শতাধিক নাৰ্ছ উপস্থিত থাকে বুলি ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই জানিবলৈ দিয়ে৷