হৃদয়ৰ ভাষা..- নন্দেশ্বৰ মিলি

হৃদয়ৰ ভাষা..

তুমি কিনিব বিচাৰিছা নেকি

মোৰ হৃদয়খনক

মই নিলাম কৰিব বিচাৰোঁ

তোমাৰ লগত।

হয়তো চাগে’ তুমি ভাবিছা

ইমান পাতলীয়া কথাবোৰ

কিয় ইমানকৈ

গুণগুণাই আছা।

কিন্তু তুমি নাজানা

সেই কথাবোৰ

কিমান গধুৰ

অনুভৱী মনেৰে

জুখি চাব জানিলেহে

তুমি বুজি পাবা।

 

নন্দেশ্বৰ মিলি

যোৰহাট,অসম