হুমুনিয়াহ- উৎপল কুমাৰ শৰ্মা

pc- WallpaperUP

হুমুনিয়াহ

উৎপল কুমাৰ শৰ্মা
বোকাখাত

দূৰণিত
ভাঁহি আহে মেঘৰ গজনী
উৰুখা পঁজা ,
মাজ নিশাৰ নিৰ্জনতা ভাঙি
কৰুণ বিননী,
ডাৱৰৰ সুৰুঙাৰে জোনৰ লুকা-ভাকু
ঢিমিক্- ঢামাক্ নিষ্প্ৰভ চাকি
শোষকৰ সমদল।
পুষ্টিহীন কংকাল সদৃশ
শোষিতৰ আৰ্তনাদ
মানৱৰূপী দানৱৰ আট্তহাস্য ।
নিৰাশাৰ কুঁৱলীৰ জালি কটা
ৰিহাৰ মাজেৰে সৰকি আহে
জীয়াই থকাৰ দুৰ্ব্বাৰ বাসনা।
নিষ্ঠুৰ সময়ৰ নিৰ্মম আঘাট
চপৰা চপৰে খহে হেঁপাহবোৰ ।
ভাঙি পৰা কাঁচৰ টুকুৰাত
জীৱনৰ সপোন,
ঘনাই সলনি হয় সপোনৰ ৰং
অদৃশ্য হৈ পৰে কালৰ বুকুত
নিয়াতিৰ ৰথৰ চকৰিত পিষ্ট
ধুসৰিত ৰংবোৰ ।
স্তব্ধ হৈ যাব খোজে
জীৱনৰ ছন্দ,
মৃত্যুমুখী ক্ষুধাতুৰৰ চিৎকাৰ
উটি আহে উৰুখা পঁজাৰ
বেৰৰ জলঙাৰে
এটি হুমুনিয়াহ হৈ,
বতাহৰ ছন্দে ছন্দে অনুৰণন
সৰ্বত্ৰ মাথোঁ হুমুনিয়াহ