হাৰ্ট কেয়াৰ ছ’চাইটি অৱ আসামৰ সজাগতা সভা

হাৰ্ট কেয়াৰ ছ’চাইটি অৱ আসামৰ সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব উচ্চৰক্তচাপ প্ৰতিৰোধ মাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ সহযোগত হাৰ্ট কেয়াৰ ছ’চাইটি অৱ আসামে ডাউন টাউন হাস্পতালত এখনি সজাগতা সভা অনুষ্ঠিত হয়।ডা° প্লাবিতা শ্লেঙে পৰিচালনা কৰা সভাখনিত সন্মানীয় অতিথি হিচাপে ডাউন টাউন হাস্পতালৰ মুখ্য চিকিৎসা বিষয়া ডা°এন. এন.দত্ত আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে ছ’চাইটিৰ চেয়াৰমেন জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডা° নিৰ্মলকান্তি ভট্টাচাৰ্য,ডা° বলিন্দ্ৰ কুমাৰ গগৈ,দিছপুৰ হাস্পতালৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডা° বনজিৎ চৌধুৰী,ডাউন টাউন হাস্পতালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডা° হৃষিকেশ বৰা, আৰু ডাউন টাউন হাস্পতালৰ জ্যেষ্ঠ প্ৰসূতি বিশেষজ্ঞ ডা°উদয়ণ বৰুৱা।হাৰ্ট কেয়াৰ ছ’চাইটি অৱ আসামৰ কাৰ্যনিৰ্বাহক সদস্য ড°শিখা বেজবৰুৱা গোস্বামীয়ে এটি বৰগীতেৰে শুভাৰম্ভণ কৰাৰ পাছতেই  ডাউন টাউন হাস্পতালৰ চুপাৰইনটেনডেন্ট ডা° উদয়ণ বৰুৱাই আদৰণি ভাষণেৰে সকলোকে স্বাগতম জনায়।কেন্দ্ৰীয় উপ সভাপতি ইক্ৰামুল মজিদে ছ’চাইটিৰ বিষয়ে এটি পৰিচয়মূলক বক্তৃতা দাঙি ধৰে।প্ৰায় শতাধিক লোকৰ উপস্থিতিত ডা° নিৰ্মল কান্তি ভট্টাচাৰ্যই উচ্চ ৰক্তচাপ কাৰণ,প্ৰতিৰোধ সম্পৰ্কে বিতংকৈ বক্তৃতা প্ৰদান কৰে।নিলাক্ষী গোস্বামী বৰুৱাৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়।