হাবুঙত এভূমুকি – ইভা গন্ধীয়া ফুকন

PC - Wikipedia

হাবুঙত এভূমুকি

ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়

স্বৰ্গদউ চাওলুং চ্যুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ দ্বিতীয় ৰাজধানী হাবুং । হা মানে হ’ল ওখ আৰু বহল ঠাই বুং মানে দ ঠাই ।কেৱল ৰাজধানী পতাই নহয় তাত তেওঁ ২৮৫ বিঘা মাটি আগুৰি বাহিৰ গড় আৰু ৮৩ বিঘা মাটিত ভিতৰ গড় নিৰ্মাণ কৰিছিল ।যি কেইটা গড় আজিও অক্ষত অৱস্থাত আছে ।কিন্তু সেই সময়ত প্ৰবল বানপানীৰ প্ৰকোপৰ বাবে খেতি বাতি নোহোৱাত মাত্ৰ চাৰিবছৰ কাল বসতি কৰিয়েই স্বৰ্গদেউ চ্যুকাফাই সেই ঠাই পৰিত্যাগ কৰিছিল ।

বৰ্তমান অজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত আজোহা চাপৰিত অৱস্থিত, কঢ়া নদীৰ কাষত এই হাবুং অঞ্চলটি দীঘলে  ৩০ মাইল আৰু বহলে ২০ মাইল বুলি বুৰঞ্জীবিদ সকলে ক’ব খোজে ।মনৰ আক্ৰমণৰ পাছত এই অঞ্চল বাঘ হৰিণৰ বিচৰণ থলীহৈ পৰে ।আনহাতে ১৯৫০ চনৰ ভূমিকম্পই যেন এই অঞ্চলৰ বহুতো প্ৰাকৃতিক পৰিবৰ্তন ঘটায়। তাত বহুতো জান,জুৰি,জলাশয় আদিৰ সৃষ্টি হয় ।এই সময়ত অঞ্চলটোত দুই তিনি মাইল দূৰত্বত দুই এঘৰ মানুহে বসতি স্থাপন কৰিছিল।কিন্তু ৬০/৭০ দশকৰ ভিতৰত এই অঞ্চলটোলৈ মানুহৰ আগমণ ঘটিবলৈ ধৰে । তেওঁলোকে খেতি কৰিবলৈ হাবি জঙ্ঘল চাফা কৰোঁতে চাপৰিটোৰ সোঁমাজতে এটা ওখ ভেটি দেখিবলৈ পায় । সেই সময়ত সেই ভেটিৰ উচ্চতা ৮ ফুট আৰু বহলে ৪০ ফুট আছিল ।

১৯৬৫ চনত শিৱসাগৰ জিলাৰ পাটসাঁকো কেন্দ্ৰীয় একাডেমীৰ সেই সময়ৰ অধ্যক্ষ ডামচাও খংলেট গোহাঁই নামৰ খামতি ফৈদৰ লোকজনে এখন টাই ভাষাৰ বিদ্যালয় স্থাপন কৰিবলৈ এই হাবুঙলৈ আহে । তেখেতে এই ওখ ভেটিটো প্ৰত্যক্ষ কৰি এই ভেটিটো লাচিত বৰফুকনৰ নাতি ইধাং গিধাঙৰ বুলি মন্তব্য দিয়ে যদিও এই কথা প্ৰমাণ কৰিব নোৱাৰিলে। কিন্তু ১৯৮২ চনত ড০ পুস্পধৰ গগৈ, চাও নবিন বৰগোহাঁই আৰু চাও মিলন চিৰিং ফুকন আদি বিশিষ্ট সাহিত্যিক আৰু টাই সংস্কৃতিৰ গৱেষক সকলে এই হাবুং অঞ্চল পৰিভ্ৰমণ কৰি এই ওখ ভেতিটো স্বৰ্গদেউ চ্যুকাফাই প্ৰতিষ্ঠা কৰা ৰজাভেটি বুলি মন্তব্য কৰে ।ইয়াৰ পাছত ১৯৯০ চনত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত ফুৰালুং সংঘৰ সেই সময়ৰ সভাপতি মানচাও নগেন হাজৰিকাদেৱে এই ওখ ভেটিটোৱেই স্বৰ্গদেউ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং বুলি নিশ্চিত ভাৱে ঘোষণা কৰে ।তাৰ পাছত তেখেতে স্থানীয় ৰাইজৰ সহযোগত হাবি বন চাফা কৰি সেই ওখ ভেটিটোতে এটা চেংৰেন ( আহোমৰ নামঘৰ) সাজিবলৈ সিধান্ত কৰে । সেই উদ্দেশ্যে ১৯৯১ চনৰ এপ্ৰিল মাহত লাইখুটা পুতিবলৈ গাত খান্দোতে মিস্তিজনৰ হাতৰ আঙুলি এডোখৰ চিঙি তেজ পৰিব ধৰে।তাৰ পাছত হাজৰিকাদেৱে এটা মতা কুকুৰা হেংদাঙেৰে পাটচি ( বলি দি) তাৰ তেজ সাজিবলৈ ধৰা  চেংৰেনৰ লাইখুটাটোত ঢালি দিয়াৰ লগে লগেই এক অলৌকিক ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শকৰ মতে সেই সময়ত উত্তৰ পশ্চিম দিশৰ পৰা আকাশছানি অগণন জিঞা সেই ভেটিৰ ওপৰেদি উৰিব ধৰে । এনে অভূতপূৰ্ব দৃশ্য দেখি মানুহ বিলাক ভয়ত বিতত হৈ পৰাত তাত লাইখুটা স্থাপন কৰিবলৈ পূজাত বহা আমাৰ পৰম শ্ৰদ্ধাৰ মলুং (পূজাৰী) ডামচাও নবিন বুহাগোহাঁইদেৱে মানুহ বিলাকক ক’লে যে আপোনালোকে ভয় খোৱাৰ কাৰণ নাই।এইয়া অতি শুভ সংকেত । আমাৰ পুলিন – পুথাও সকলে আমাক আৰ্শীবাদ দিবলৈহে আহিছে ।প্ৰায় আধা ঘণ্টা ধৰি উৰি সেই জিঞাবোৰ যোৱাৰ পাছত সেই ঠাইত মুখলধাৰ বৰষুণ পৰিবলৈ ধৰে । সেই বৰষুণৰ পৰা ৰক্ষা পাবলৈ মানুহবিলাক হাবুং গড়ৰ ভিতৰত থকা ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় লয়গৈ । সেই সময়তে তাত উপস্থিত থকা ৰাইজে মুগা সাজ পৰিধান কৰা এজন দেৱতাৰূপী মানুহ সেই লাইখুটাটোৰ ওপৰত থিয়দি থকা পত্যক্ষ কৰে ।যি দৃশ্য দেখি মানুহ বিলাকে ভাবিবলৈ বাধ্য হয় যে এই হাবুং অঞ্চলটোত আজিও এক ঐশ্বৰিক শক্তিয়ে বিৰাজ কৰি আছে । সেয়ে হয়তো চেংৰেনৰ সন্মুখত ভাগত উৰণীয়া সিংহ আৰু মতা কুকুৰাৰ প্ৰতীক মূৰ্তি ৰখা হৈছে । ইয়াত সাজপানী মতা কুকুৰা,পাৰ, ছাগলী আদি উচৰ্গা কৰি বহু লোকৰ মনোকমনা পূৰ্ণ হৈছে বুলি কয় ।

স্বৰ্গদেউ চ্যুকাফাই নিৰ্মাণ কৰা বাহিৰ গড়ৰ মাটিত বৰ্তমান বেদখল আৰম্ভ হৈছে । আজোহা গাঁওপঞ্চায়তৰ কাৰ্যালয়, আজোহা এম ই স্কুল, হাবুং বোৱাকটা মহিলা সমিতি আৰু তিনিখন প্ৰাথমিক বিদ্যালয় ইতিমধ্যে স্থাপন কৰা হৈছে ।কিন্তু ভিতৰ গড়ৰ ভিতৰত আজিলৈকে কোনেও বসতি স্থাপন কৰিব পৰা নাই ।১৯৫০ চনৰ ভূমিকম্পৰ পাছত ঘিলামৰা, বৰদৈবাম ,চুতীয়া কাড়ীৰ পৰা এদল লোক ইয়াত বসতি কৰিবলৈ আহিছিল যদিও তেওঁলোকে সেই ঠাইত থাকিব নোৱাৰিলে । তেওঁলোকে শুই থাকোতে সপোনত কোনোবাই ধমক দিয়াৰ উপৰিও দিনৰ ভাগত তেওঁলোকে হাবি জঙ্ঘল কাটি থাকোতে এজাক বগা ঘোঁৰাই হাবি কটাত বাধা দিয়াৰ তেওঁলোকে সেই ঠাই এৰিবলৈ বাধ্য হয় ।ইয়াৰ পাছত ১৯৬৫ চনত এগৰাকী নেপালী বুঢ়ীয়ে এপাল গৰু লৈ এই ওখ ৰজা ভেটিত থাকিবলৈ লয় ।কিন্তু বুঢ়ীয়ে গাখীৰ খীৰাই থাকোতে কোনোবা অদৃশ্য শক্তিয়ে বোলে পাছফালৰ পৰা বুঢ়ীক গাখীৰৰে সৈতে ঠেলা মাৰি পেলায় দিয়ে বুঢ়ীয়ে পাছলৈ চাই কাকো দেখা নাপায় ভয়তে বুঢ়ী সেই ঠাই এৰি গুচি যায় ।

ইয়াৰ উপৰিও  ১৯৬৩-৬৪ চনত এজন গোঁসাইয়ে গাঁৱৰ কেইজনমান বুঢ়া ভকতৰ লগত আলোচনা কৰি এই ৰজা ভেটিত এখন সত্ৰ পাতিবলৈ বাহৰ পাতিছিল ।কিন্তু ৰাতি তেওঁ নানান অমংগলীয়া সপোন দেখাৰ লগতে তেওঁক সেই ঠাই এৰি নগ’লে বিপদ অনিবাৰ্য বুলি ধমকি দিয়াত গোঁসাইয়ে অহা বাটেৰে ঘূৰি যাব লগাত পৰে।বৰ্তমান প্ৰশাসনে এই গড়ৰ ভিতৰত থকা শ ধোৱা পুখুৰী বাদে অন্য পৌৰাণিক পুখুৰীবোৰ খন্দাইছে যদিও কোনো এটা পুখুৰীৰ পানী আজিলৈকে উলিয়াব সক্ষম হোৱা নাই ।আনকি পুখুৰী খান্দিবলৈ যি গাড়ীয়েই নিনিয়ক কিয় সেই গাড়ী পুখুৰী পোৱাৰ আগতেই বেয়া হৈ পৰে । ইয়াৰ উপৰিও এই হাবুং অঞ্চলৰ ভিতৰত থকা চেংৰেনৰ সোঁফালে এটা চেৰি কালচাৰ অফিচ আছে ।কিন্তু তাত কোনো চৰকাৰী কাম আজিলৈকে হোৱা নাই ।স্থানীয় লোকৰ মতে সেই অফিচত এদিন তিনিজন মানুহ সোমাইছিল আৰু ক্ষন্তেক পিছতেই মানুহ কেইজন সেই ঘৰৰ ভিতৰতে নাইকীয়া হৈ যায় । নাতি দূৰত উৰণীয়া সিংহৰ প্ৰতীক থকা পতাকাৰে আবৃত এটা মৈদাম আছে।যিটো মৈদাম চ্যুকাফা স্বৰ্গদেউৰ লগত অহা মহন, দেওধাই,বাইলুং নামৰ তিনিজন পুৰোহিতৰ মাজৰ কোনোবা এজনৰ।কিন্তু কোনজনৰ সেইটো আজিলৈকে ঠিৰাং কৰিব পৰা নাই ।মানুহৰ মৃত্যু হ’লে নতুনকৈ পুখুৰী খান্দি তাৰ পানীয়ে মৈদাম দিয়াৰ আগতে মৃতদেহ ধোৱাৰ নিয়ম আছিল সেয়াই চাগৈ শ ধোৱা পুখুৰী।অৱশ্যে আঠকুণীয়া চেংৰেনত স্বৰ্গদেউ চ্যুককাফাৰ আৰ্দশ আজিও প্ৰবৰ্তন হৈ আছে । যাৰ বাবে এই চেংৰেনত সকলো ধৰ্মালম্বী লোক জাতি বৰ্ণ নিৰ্বিশষে ইয়াত পূজা দিব পাৰে । ইয়ালৈ যি মনোবাঞ্ছা লৈ পূজা দিব আহে সেইয়া পূৰণ হয় বুলি বিশ্বাস আছে। ইয়াত  সাজপানী, কুকুৰা , পাৰ,ছাগলী আদি পূজাৰ বাবে উচৰ্গা কৰা হয় ।

২০১৬ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হাবুঙলৈ আহি দুই কোটি টকাৰ অনুদান আগবঢ়ায়। যাবৰ সময়ত তেখেতৰ হেলিকপ্টাৰ খন উৰিব পৰা নাছিল ।৪৫ মিনিট সময় ৭ বৰ উঠা নমা কৰি আছিল । সেই দৃশ্য সাংবাদিকে লাইভ সম্প্ৰচাৰ কৰি আছিল । কথাটো  হুলস্থুল লাগিল তেতিয়া হাবুঙৰ চেংৰেনৰ মলুঙ সকলে দেওলৈ পূজা অৰ্চনা কৰি মন্ত্ৰপুত পানী ছটিয়াই দিয়াতহে হেলিকপ্টাৰ উৰা মাৰে । গধুলি সময়ত সৰ্বানন্দ সোণোৱালদেৱে হাবুঙৰ পৰিচালনা কমিটিলৈ ফোন কৰি জনায় যে তেখেত ভালে ভালে পালেহি আৰু ষ্টেজত তেখেতে যি দুই কোটি টকাৰ অনুদান আগঢ়ায়ছিল সেইয়া তিনি কোটি কৰি দিলোঁ বুলি। আৰু তেতিয়াৰ পৰা মানুহে হাবুঙৰ বিষয়ে অধিক জানিবলৈ ইচ্ছুক হৈ পৰিল। তাৰ পাছত শ্ৰী যুত ডo হিমন্ত বিশ্ব শৰ্মা হাবুঙলৈ আহি দুই কোটি টকা অনুদান আগবঢ়ায় ।এই পাঁচ কোটি টকাৰে হাবুঙৰ উন্নয়নৰ কাম চলি আছে ।বৰ্তমান হাবুং খন আটক ধুনীয়া হৈ উঠিছে । মানুহৰ ভিৰ দিনক দিনে বাঢ়িছে। বিজ্ঞানৰ যুগত এইবোৰ কথা কোনোবাই অবান্তৰ বুলি ভাবিলেও প্ৰকৃততে এইয়াই বাস্তব । ইতিহাস প্ৰসিদ্ধ হাবুং পৰ্যটনৰ আকৰ্ষণৰ স্থলী ৰূপে আকৰ্ষণীয় হৈ  আমাৰ  গৌৰৱ হৈ সদায় জিলিকি থাকক ।