হাফলং ত কংগ্ৰেছ দলত যোগদান

হাফলং ত কংগ্ৰেছ দলত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমা হাছাও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জিলা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। জিলা সভাপতি সমৰজিৎ হাফলংবাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন কাৰ্য্যবাহী সদস্য, বিজেপিৰ ডিমা হাছাও জিলাৰ জনজাতি মৰ্চাৰ সভাপতি ৰথীন্দ্ৰ থাওছেন, সদ্য ডিএন এলএ ত্যাগ কৰা পপিল হোজাই, সমাজ কৰ্মী ৰণেই জেটৰ নেতৃত্বত বিজেপিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ আৰু মহিলাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে। ডিমা হাছাও জিলাৰ তত্বাৱধায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সকলোকে আদৰণি জনায় আৰু সভাৰ উপস্থিত সকলক সম্বোধন কৰে।