হাইস্কুলৰ শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

pc ETV Bharat

হাইস্কুলৰ শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।কেৱল শিক্ষকেই নহয়,আন কৰ্মচাৰীয়েও তিনি বছৰলৈ বাধ্যতামূলক ভাৱে কৰিব লাগিব চাকৰি।যোগদান কৰাৰ সময়তে চুক্তিত কৰিব লাগিব স্বাক্ষৰ।মাধ্যমিক শিক্ষা বিভাগে অফিচ মেম’ৰেণ্ডামৰ জৰিয়তে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰিছে যে কোনো কর্মচাৰীয়ে মাধ্যমিক শিক্ষা বিভাগৰ অধীনৰ শিক্ষক বা আন পদত যোগদান কৰিলে যোগদানৰ ৩ বছৰলৈ উক্ত চাকৰিৰ পৰা পদত্যাগ কৰিব নোৱাৰিব৷যোগদানৰ সময়তে শিক্ষক-কর্মচাৰীজনে ৩ বছৰলৈ বাধ্যতামূলকভাৱে সেৱা আগবঢ়োৱাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰিব লাগিব।তিনি বছৰৰ ভিতৰত চাকৰি এৰিলে আন পদত যোগদান কৰিবলৈ নাপাব এন অ’ চি।অর্থাৎ হাইস্কুল শিক্ষকে পচন্দৰ আন উচ্চ পর্যায়ৰ চাকৰি লাভ কৰিলেও তিনি বছৰলৈকে শিক্ষকৰ চাকৰিত বাধ্যতামূলকভাৱে সেৱা আগবঢ়াবই লাগিব।