সৰভোগৰ ঐতিহ্যমণ্ডিত চক্চকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন
ডিব্ৰুগড়,এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত “চকচকা চৰকাৰী মজলীয়া বিদ্যালয় ” খনিয়ে আজি (১/৭/২৩) ১ জুলাইত ১২৫ বছৰ সম্পূৰ্ণ কৰে। ১৮৯৮ চনৰ এই দিনটোতে প্ৰতিষ্ঠা লাভ কৰা এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যাল়য়খনিয়ে এই ঊদ্দেশ্যে পুৱা ৮-০০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক খাইৰুল আলমে। বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কৰুণা কান্ত দাস, আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকল ক্ৰমে দীপক শৰ্মা, ভৱানন্দ পাঠক, কৌশিক শৰ্মা,প্ৰবীণ নাথ। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী উৰ্বশী দেৱীয়ে। স্কুলখনৰ কাৰণে এটি প্ৰস্তাৱিত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৪০ নম্বৰ সৰভোগ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি মনোৰঞ্জন তালুকদাৰে। “বনছাই অসম” ৰ সহযোগত গছপুলি ৰোপণৰ পিছতে বিদ্যাল়য় খনিৰ ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সুভাকাংক্ষী আৰু ৰাইজৰ সহযোগত এক বৰ্নিল শোভাযাত্ৰা উলিওৱা হয়। দিনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰি “চকচকা চৰকাৰী মজলীয়া বিদ্যালয়”ৰ ১২৫ বছৰীয়া জয়ন্তী অহা ৮,৯ আৰু ১০ নবেম্বৰ ২০২৩ তাৰিখে বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্য্যসূচী মতে সন্ধিয়া আলোক সজ্জা আৰু বন্তি প্ৰজ্বলনেৰে দিনটোৰ সামৰণী মাৰে। বিদ্যালয় খনিৰ প্ৰধান শিক্ষক খাইৰুল আলমে লগতে জনাইছে যে যি সকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰীক ব্যক্তিগত ভাৱে লগ কৰিব পৰা নাই অথবা দূৰত থকা বাবে যোগাযোগ কৰিব পৰা নাই তেওঁলোককো অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া পূৰ্ণাংগ জয়ন্তীত অংশ গ্ৰহণ কৰিবলৈ লগতে সৰ্বতো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্র অনুৰোধ জনাইছে।