সৰবৰহী ধৰ্মপ্ৰাণা মহিলা আলহাজিন আনোৱাৰা বেগমৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কনভয় ৰোডৰ মলুখুবাচা নিবাসী সৰবৰহী ধৰ্মপ্ৰাণা মহিলা আলহাজিন আনোৱাৰা বেগমৰ(মিচমাই) যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত ৮৬ বছৰ বয়সত মৃত্যু হয়। এগৰাকী অতি সহজ সৰল ধৰ্মপ্ৰাণা মহিলা হিচাপে জনাজাত আনোৱাৰা বেগমে ২০১৩ চনত পৱিত্ৰ হজ্বব্ৰত সম্পন্ন কৰে। তেওঁৰ স্বামী আনোৱাৰ হুচেইনৰ মৃত্যু হয় ১৯৮৯ চনৰ ২০ ডিচেম্বৰত। আনোৱাৰা বেগমৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ জামিৰা কপৌগাওঁত ১৯৪০ চনৰ ২৬ মে’ত। মৃত্যুৰ সময়ত তেওঁৰ ৩ পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে নাতি নাতিনীসহ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি আনোৱাৰা বেগমৰ জানাজা অনেক গুণমুগ্ধৰ উপস্থিতিত স্থানীয় আমোলাপট্টি। কবৰস্থানত সম্পন্ন কৰা হয়।