সৰপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়াক বিদায় সম্বৰ্দ্ধনা 

সৰপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়াক বিদায় সম্বৰ্দ্ধনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত “সৰপাৰা হাইস্কুল”ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়াক নিজ বিদ্যালয়ৰ পৰা সমূহীয়াভাৱে বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰে । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফাৰুক মহম্মদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শিক্ষক চন্দন শৰ্মাই । দশম শ্ৰেণীৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশনেৰে আৰম্ভ কৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক, লেখক দীপক শৰ্মাই অংশ লৈ কয়- “শিক্ষকহে সমাজ নিৰ্মাণ কৰিব পাৰে । সমাজত শুদ্ধ-নিকা বাতাবৰণ আনিব পাৰে। অৱসৰৰ পিচতো এজন শিক্ষকে সমাজ নিৰ্মাণৰ কামত ব্ৰতী হৈ থাকি অপ-সংস্কৃতি দূৰ কৰিব পাৰে। ধীৰেণ ঠাকুৰীয়াই সমাজ নিৰ্মাণত ব্ৰতী হ’ব বুলি আশা কৰিলোঁ ।” বিশিষ্ট সমাজকৰ্মী অজিত চন্দ্ৰ দাসে অংশ লৈ কয়- “ঠাকুৰীয়া দেৱ অতি নিয়মানুশীল, কৰ্তব্য পৰায়ণ, দায়িত্ববোধ শিক্ষক আছিল । প্ৰতি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি, স্থানীয় ৰাইজৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ মাজত সদভাৱ-সদপ্ৰীতি বজাই ৰাখিছিল ।” গুৱাহাটী জিলা হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন সম্পাদক লালমোহন চৌধুৰীয়ে সভাত অংশ লৈ কয়- “শিক্ষকৰ চিন্তা-ভাৱনা অতি উন্নত মানৰ । ঠাকুৰীয়াৰ চিন্তাও ইয়াৰ ব্যতিক্ৰম নহয় ।” সভাত আঞ্চলিক হাইস্কুল, ফুলগুৰিৰ প্ৰধান শিক্ষক ৰামচৰণ দাস, লাড়ুগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক শশীমোহন দাস, সৰপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুৰেন্দ্ৰ মোহন ডেকা, সম্পাদক গগন চন্দ্ৰ দাস, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি দীনেশ ডেকা, সত্ৰাপাৰা আইডিয়েল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন চন্দ্ৰ কাকতী, সৰপাৰা সাহিত্য সভাৰ সভাপতি প্ৰবীণ চন্দ্ৰ দাস, সমাজকৰ্মী অমৃত দেৱান, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস প্ৰভৃতিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ অৱসৰী শিক্ষক ধীৰেণ ঠাকুৰীয়াৰ শিক্ষকতা জীৱন, ছাত্ৰ-ছাত্ৰী, সমাজৰ প্ৰতি দায়িত্ববোধৰ ওপৰত আলোকপাত কৰে । সভাত অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক্ৰমে চানেকী মজুমদাৰ, নগেন চন্দ্ৰ বে’, প্ৰতিভা দাস, শিক্ষক-শিক্ষয়িত্ৰীক্ৰমে ৰত্ন মজুমদাৰ, অনামিকা গোস্বামী, চন্দন শৰ্মা, গীতা দাস, কৰ্মচাৰী দিলীপ দাস, পৰেশ মজুমদাৰ আদিয়ে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ঠাকুৰীয়াৰ শিক্ষকতা জীৱনৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে । বিদায়ী শিক্ষক ঠাকুৰীয়াক ফুলাম গামোচা, ফুলৰ থোপা, ফুলৰ মালা, শৰাই, ফুলাম জাপি, গ্ৰন্থ টোপোলা, কলম, মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।