স্মৃতিৰ কোঠালি – চিমি চৌধুৰী

স্মৃতিৰ কোঠালি

আজিও মনত পৰেনে?
সেই black and white টিভিটো,
মনত পৰেনে
সেই যে বা জনী,
সেই যে অনুষ্ঠানটো,
সন্ধিয়া ৮ বজাত যে দিছিলে?

এতিয়াও মনত পৰা নাই ন’হ?
ববিতা শৰ্মা বাৰ সেই যে ধাৰাবাহিকখন
উম্ উম্!! মনত পৰিছে এতিয়া?
কি যে আছিল সেই দিনবোৰ
৮ বজাত পঢ়া সামৰি দৌৰি গৈ
টিভিৰ সন্মুখত বহা;
আৰু যে গীতটি,
নুশুনিলে সেই খণ্ডটিয়েই যেন আধৰুৱা হৈ থাকিছিল ।

কিছুমানে হয়তো এতিয়াও
ধৰিবকে পৰা নাই ন’হ!!
ৰ’বা কৈছো….
ববিতা বায়ে বিদেশত
আপোন মানুহ বিচাৰি যোৱা ধাৰাবাহিকখনৰ কথা কৈছো,
অ’ অ’!!
সেই যে “নিজানত মনত পৰে” শীৰ্ষক গীতটিৰ
“বিদেশত আপোন মানুহ” ধাৰাবাহিকখনৰেই কথা কৈছো।

আহ্! কি যে ভাল লাগিছিল ;
গীতটি শুনিলে এতিয়াও ল’ৰালিলৈ মনত পৰি যায়…

— চিমি চৌধুৰী