স্ব-ইচ্ছাই ৰেচন কাৰ্ড পৰিত্যাগ কৰা লোকক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন

pc- Facebook

স্ব-ইচ্ছাই ৰেচন কাৰ্ড পৰিত্যাগ কৰা লোকক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন

অনলাইন বাৰ্ত্তাসেৱা- দৰিদ্ৰ জনগণক আৰ্থিক ভাৱে সুৰক্ষিত কৰাৰ স্বাৰ্থত খাদ্য আৰু অসামৰিক যোগান বিভাগে জাৰি কৰা ৰেচন কাৰ্ডৰ ব্যৱহাৰে বছৰ বছৰ ধৰি অসমৰ বহু পৰিয়ালক নিত্য-ব্যৱহার্য সামগ্ৰী যোগানেৰে আৰ্থিক সকাহ দি আহিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু মানৱদৰদী পৰিয়ালে  নিজৰ ৰেচন কাৰ্ড স্ব-ইচ্ছাই পৰিত্যাগ কৰিছে তেখেতসকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে তেওঁ কয় যে যি সকল ব্যক্তি আৰ্থিক ভাৱে স্বল  তেওঁলোকে দুখীয়া জনসাধাৰণৰ স্বাৰ্থত ৰেচন কাৰ্ড পৰিহাৰ কৰে।

 

(RT)