উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আয়োজিত কৃষ্ণ জন্মাষ্টমী মহোৎসৱত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা  উপস্থিত

Pc- Facebook

উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আয়োজিত কৃষ্ণ জন্মাষ্টমী মহোৎসৱত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা  উপস্থিত

অনলাইন বাৰ্ত্তাসেৱা-বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই  ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ ‘হৰদত্ত-বীৰদত্ত ভৱন’ত বিশ্ব হিন্দু পৰিষদ/ বজৰংগ দল, উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আয়োজিত ভগৱান শ্রীশ্রী কৃষ্ণ জন্মাষ্টমী মহোৎসৱত উপস্থিত থাকে। উক্ত অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদ, গো ৰক্ষা বিভাগৰ কেন্দ্ৰীয় মহামন্ত্ৰী মাননীয় শ্ৰীযুত উমেশ পৰোৱাল ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক মাননীয় শ্ৰীযুত লক্ষ্মীকান্ত মহন্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ , ৰঙিয়া মহকুমাৰ সংঘ চালক শ্ৰীযুত খগেন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ,কামৰূপ জিলা সংঘ প্ৰচাৰক শ্ৰীযুত মিন্টু বৰ্মণ, বিশ্ব হিন্দু পৰিষদ, উত্তৰ পূব প্ৰান্তত সহ সংযোগক শ্ৰী যুত সুনীল লহকৰ, বিশ্ব হিন্দু পৰিষদ, উত্তৰ কামৰূপ জিলাৰ উপ সভাপতি শ্ৰীযুত শৈলজানন্দ ভট্টাচাৰ্য,  বিশ্ব হিন্দু পৰিষদৰ ,উত্তৰ কামৰূপ জিলাৰ সম্পাদক শ্ৰীযুত অঞ্জন ভূঞা  লগতে বিশ্ব হিন্দু পৰিষদ, উত্তৰ কামৰূপ জিলা, ৰঙিয়া নগৰ, গ্ৰাম্য প্ৰখণ্ড বিষয় ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তা আৰু স্থানীয় কিছু গণ্য মান্য লোক উপস্থিত থাকে । ধৰ্মধ্বজা আৰোহণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। বিজেপিৰ সভাপতিগৰাকীয়ে  এই পবিত্ৰ অনুষ্ঠানটি আয়োজন কৰা উদ্যোক্তাসকলক ধন্যবাদ আৰু জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

(RT)