স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ 

Pc the Janambhumi

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে।বৰ্তমান কৃত্ৰিম শ্বাস প্ৰশ্বাসত আছে শিল্পীগৰাকী৷মঙলবাৰে নিশাৰে পৰা চিত্ৰশিল্পী গৰাকীক কৃত্ৰিম শ্বাস-প্ৰশ্বাসত ৰখা হৈছে।চিত্ৰশিল্পী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে এই কথা জানিবলৈ দিছে। বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে বিশিষ্ট শিল্পীগৰাকী।বিশেষজ্ঞ চিকিৎসকৰ দলে চলাইছে চিকিৎসা।উল্লেখযোগ্য যে,স্বাস্থ্যৰ অধিক অৱনতি ঘটা চিত্ৰশিল্পী গৰাকী ২২ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।