স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন বলবৎ

Pc Northeasr Now(Assamese)

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন বলবৎ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন ১৯৮৮ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰি ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ধাৰাৰ অধীনত এই নিষেধাজ্ঞা প্ৰশাসনে জাৰি কৰিছে। উল্লেখ্য যে ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব। অৱশ্যে ৬০ বছৰ বয়সৰ ওপৰৰ, ১৫ বছৰ বয়সৰ তলৰ শিশু আৰু মহিলাক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।