স্কুল-কলেজ খোলাৰ পাছতে ভয়ংকৰ হৈ পৰিছে ক’ভিড পৰিস্থিতি

স্কুল-কলেজ খোলাৰ পাছতে ভয়ংকৰ হৈ পৰিছে ক’ভিড পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা-  স্কুল-কলেজ খোলাৰ পাছতে ভয়ংকৰ হৈ পৰিছে ক’ভিড পৰিস্থিতি।আকৌ ক্ৰমান্বয়ে বাঢ়িছে ক’ভিডৰ সংক্ৰমণ।পৰ্য্যায়ক্ৰমে বিদ্যালয়সমূহ খোলাৰ পাছতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত পুনৰ আতংকৰ সৃষ্টি হৈছে।শনিবাৰে মঙলদৈত পুনৰ ক’ৰনাৰ ভয়াবহ ৰূপ পৰিলক্ষিত হয়।এখন কলেজৰে ২২গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। মঙলদৈৰ জ্ঞান বিকাশ একাডেমী চিনিয়ৰ চেকেণ্ডাৰীত ক’ভিডে লৈছে ভয়াৱহ ৰূপ।জ্ঞান বিকাশ একাডেমীৰ শিক্ষক-ছাত্ৰ ছাত্ৰীকে ধৰি ১৬৫ গৰাকীক পৰীক্ষা কৰোৱা হৈছিল।তাৰে ভিতৰত ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত পোৱা যায় ক’ভিড পজিটিভ।২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ পোৱাৰ পাছতে দৰং জিলা প্ৰশাসনে ৭ দিনলৈ জ্ঞান বিকাশ একাডেমী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।