সোণৰ অসম – এন. ইউ আহমেদ

PC - dht.assam.gov.in

সোণৰ অসম

এন. ইউ আহমেদ

সোণৰ অসম আপোন দেশ,
শংকৰ-আজানৰ মিলন ভূমি।
এই ভূমিক নকৰিবা ভাগ-বতৰা!
পাহাৰীয়া, চৰ-চাপৰি কৰি।
সেউজীয়া বাগানিয়া,
আৰু নানা জন-জাতি।
এই বিচিত্ৰ অসমী আইক
নকৰিবা টুকুৰা-টুকুৰ
হিন্দু-মুছলিম, বৰাক-ব্ৰহ্মপুত্ৰ কৰি।
নহলে যে, অৱশেষত নাথাকিব,
আমাৰ অস্থিত্ব,
বৰ অসমৰ আমি অসমীয়া বুলি।