সোণাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পৰা অহা এখন নৈশ বাছত সাত কাৰ্টুন বিস্ফোৰক আনি সোণাৰি আৰক্ষী থানাৰ সন্মুখতে থকা বাছ কাউন্টাৰত কাৰ্টুন সমূহ নমোৱাৰ পাছত দুপৰীয়া ১ মান বজাত নাগালেণ্ডৰ নামচাৰ ভেৰি মিজো নামৰ এগৰাকী নগা মহিলাই এখন অটোত উক্ত সাত কাৰ্টুন বিস্ফোৰক লৈ নামতোলালৈ গৈ থকা অৱস্থাত নামতোলা আৰক্ষীয়ে তালাচি চলাবলৈ লোৱাৰ সময়ত মহিলা গৰাকীয়ে কাৰ্টুন কেইটাত কিতাপ থকা বুলি কয়।  আৰক্ষী জোৱান জনে কাৰ্টুন চাব বিচৰাত নগা মহিলা গৰাকীয়ে ধনৰ টোপোলা দিব বিচাৰে কিন্তু আৰক্ষী জোৱান জনৰ সন্দেহ অধিক হোৱা কাৰ্টুন খুলি চোৱাত বৃহৎ পৰিমাণৰ বিস্ফোৰক খিনি উদ্ধাৰ হয় । আৰক্ষীয়ে নগা মহিলা গৰাকীৰ লগতে আটো চালক আদাম তাঁতীক আটক কৰিছে ।