সুৰাপান, দুৰ্ঘটনা, মৃত্যু ইত্যাদি – সঞ্জয় ৰবিদাস

PC AARP
সুৰাপান, দুৰ্ঘটনা, মৃত্যু ইত্যাদি 
সঞ্জয় ৰবিদাস, বৰহোলা, যোৰহাট
ক’ৰবালৈ ফুৰিবলৈ গৈ মদ্যপান কৰি ওভতাৰ পথত নিচাসক্ত হৈ বাহন চলোৱাৰ বাবে ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱা দেখা যায় । সুৰাসক্ত  বাহন চালকসকলে নিজৰ লগতে আন পথচাৰীৰো জীৱন আৰু সম্পত্তি ধ্বংস কৰে , লগতে ঘৰ – পৰিয়ালকো বিপদৰ গৰাহলৈ ঠেলি দিয়ে । স্ফূৰ্তিৰ নামত সুৰাপান , আসুৰিক উল্লাস , উদণ্ড ডেকাচামৰ তীব্রগতিত গাড়ী, বাইক চালন কেতিয়াও সমর্থনযোগ্য নহয় । নাচ – গান , ক্ষেত্র ভ্ৰমণ , বালি – ভোজৰ মাধ্যমেৰেও আনন্দ উদযাপন কৰিব পাৰি ।  । বৰ্তমান ডেকা – বুঢ়াৰ মাজত সুৰাৰ জনপ্রিয়তা যথেষ্ট বৃদ্ধি পাইছে । যিকোনো অনুষ্ঠান সুৰাৰ অবিহনে যেন অসাৰ আৰু নিৰস । অসমৰ যিকোনো উৎসৱ – পাৰ্বণৰ সময়ত ৰাজ্যখনত সুৰাৰ বিক্ৰীয়ে অভিলেখ গঢ়ে । চৰকাৰে ৰাজহ সংগ্ৰহৰ স্বাৰ্থতেই মদৰ বিক্ৰী আৰু সেৱনৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ কৰিছে । সুৰাৰ ৰাগিত মতলীয়া হৈ ইঞ্জিনচালিত বাহন চলোৱাটো একপ্ৰকাৰ গুৰুতৰ অপৰাধ । কিন্তু দুৰ্ঘটনাত আহত  হৈ আনৰ লগতে নিজৰো প্ৰাণ হানি ঘটোৱা সুৰামত্ত চালকসকলক কোনে কি শাস্তি বিহিব ? ইয়াৰ এটাই সমাধান স্ফূৰ্তি কৰাৰ নামত আৰু বাহন চলোৱাৰ পূৰ্বে সুৰাপান বৰ্জন কৰা  । এই সিদ্ধান্ত ল’ব লাগিব সুৰাপায়ীসকলে নিজেই । সুৰাপায়ীসকলৰো মা-দেউতা ,পতি-পত্নী  , সতি-সন্ততি থাকে , ঘৰখনৰ প্ৰতি গধুৰ দায়িত্ব থাকে । গতিকে পৰিয়ালৰ মুখলৈ চাই সুৰা বৰ্জন কৰাটো মংগলজনক । কাৰণ দুর্ঘটনাত পতিত হৈ চিৰজীৱনলৈ পংগু হোৱা বা মৃত্যুবৰণ কৰা দুয়োটাই পৰিয়াল এটাক বিপদত পেলায়  । সুৰাপায়ীসকলে মনত ৰখা দৰকাৰ যে তেওঁলোকৰ ভুলৰ বাবে নির্দোষীসকল যেন ভুক্তভোগী হ’বলগীয়া নহয় । তেওঁলোকে নিজ নিজ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত মদ্যপানৰ আসক্তি বৰ্জনৰ সংকল্প ল’ব পাৰে । আমি নিবিচাৰোঁ যে হাঁহি-ধেমালিৰ মাজেৰে  আনন্দ উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত একমাত্র সুৰাৰ বাবেই কাৰোবাৰ জীৱনলৈ কাল অমানিশা নামি আহক । এই লেখাৰ জৰিয়তে সকলোলৈকে আমাৰ এটাই আহবান — সুৰাপান বৰ্জন কৰি বহুমূলীয়া জীৱনটো ৰক্ষা কৰক ।অসম চৰকাৰে আবকাৰী খণ্ডৰপৰা  যি পৰিমাণৰ বাৰ্ষিক ৰাজহ  লাভ কৰে,তাৰ বিশগুণপৰ্যন্ত আবকাৰী  ৰাজহ লাভ কৰা বিহাৰ চৰকাৰে কিন্তু কেতিয়াবাই জনস্বাস্থ্য আৰু দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত নিজ ৰাজ্যত  সুৰা নিষিদ্ধ কৰিলে । ইতিমধ্যে সস্তীয়া মদত  বিষক্ৰিয়া হৈ মানুহৰ মৃত্যু হোৱাৰ  ঘটনা ঘটিছে অসমত ।ভৱিষ্যতেও এনে ঘটনাৰ  পুনৰাবৃত্তি নোহোৱাৰ আশংকা নুই কৰিব নোৱাৰি । ব্ৰিটিছৰ দিনত মানুহক মানুহৰ মৌলিক চিন্তাশক্তিক ধ্বংস কৰিবলৈ কানিৰ সহায়ত  নিচাত ডুবাই ৰখা হৈছিল, এতিয়া সেই কানিৰ ঠাইত মদৰ প্ৰচলন কৰা হৈছে যেন আমাৰ বোধ হয় । কাৰণ নিৰ্বাচনত  মদ খুৱায়েই শ্ৰমিকৰ ভোট কিনিব পাৰি । মদে কিমান মানুহক ধ্বংস কৰিছে,ঘৰ-পৰিয়ালক অশান্তিৰ গৰাহলৈ ঠেলি দিছে,সমাজৰ সুস্থ শৈক্ষিক,সামাজিক পৰিৱেশ বিনষ্ট কৰিছে সেয়া ভুক্তভোগীসকলেহে বুজি পাব । চাহবাগান অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা  সস্তীয়া চুলাই সেৱনৰ ফলত শ্ৰমিকসকলৰ  শৰীৰৰ ওপৰত কু-প্ৰভাৱ পৰি আহিছে।বিহু , নৱবৰ্ষ,বনভোজ প্ৰসংগত  সুৰাপান কৰি গাড়ী নচলাবলৈ মুখ্যমন্ত্ৰীয়ে অসমৰ নাগৰিকৰ প্ৰতি আহ্বান জনায় । কণ্ঠশিল্পী জুবিন গাৰ্গেও  মদ খাই গাড়ী নচলাবলৈ  আহ্বান জনায় ৰাইজক ।কিন্তু উৎসৱকালীন সাময়িক  সুৰক্ষাতকৈ আমি বছৰটোৰ সুৰক্ষাৰ কথা ভবাহে উচিত হ’ব । কাৰণ  যিকোনো দিনতে দুৰ্ঘটনা তথা প্ৰাণহানিৰ আশংকা প্ৰবল ।সাময়িক সজাগতাৰ পৰিৱৰ্তে  চৰকাৰে অসমত  মদৰ প্ৰচলন,সেৱন   বন্ধ কৰাৰহে পণ ল’ব লাগিছিল । পৰিস্থিতি এতিয়া এনেকুৱা যে  অসমত উৎসৱ বুলি ক’লে মদহে প্ৰধান আকৰ্ষণৰ বস্তু হৈ পৰিছে । যুৱ চাম বাৰুকৈয়ে শান্তি বিনষ্টকাৰী সুৰাৰ কবলত  পৰা পৰিলক্ষিত গৈছে । গতিকে সময় থাকোতেই অসমত বৈধ ,অবৈধ,দেশী,বিদেশী সকলো মদৰ উৎপাদন ,প্ৰচলন,বিক্ৰী নিষিদ্ধ হোৱা উচিত ।