সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা – ছেলিমা বেগম, হাউলি

pc Medium

সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা

ছেলিমা বেগম, হাউলি

কোৰান, গীতা,বাইবেল, সকলোতে নাৰীক সন্মান দিবলৈ কোৱা হৈছে। নাৰী সন্মানৰ গৰাকী। নাৰীৰ মৰ্য্যাদা অপৰিসীম। পিছে বৰ্তমান যুগত এগৰাকী নাৰী আমাৰ সমাজত বা যিকোনো ক্ষেত্ৰতে কিমান সুৰক্ষিত নাইবা এগৰাকী নাৰীক সমাজে কিমান মৰ্য্যাদা দিছে সেই কথা আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ।নাৰীক সম অধিকাৰ দিয়া হৈছে ঠিকেই,কিন্তু নাৰীয়ে পুৰুষৰ সমান স্বাধীন হব পাৰিছেনে? এগৰাকী নাৰীয়ে এখন সংসাৰ স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু ইচ্ছা কৰিলে সেই নাৰীয়েই এখন সুখৰ সংসাৰ ভাঙি তচ নচ কৰিব পাৰে।এগৰাকী নাৰীক যদি তাৰ আত্ম সন্মানত আঘাত কৰাৰ পৰিবৰ্তে সু – শিক্ষাৰে শিক্ষিত কৰি তোলা হয়,তেন্তে সেই নাৰীয়ে এখন সুখী সংসাৰ নাইবা এখন সুস্থ সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।কিন্তু বৰ্তমান সমাজত পৰিবেশ ইমানেই দুঃখ জনক যে বাতৰি কাকত মেলিলেই তাত ধৰ্ষণ, বোৱাৰী হত্যা,প্ৰেমিকাক দা ৰে ঘেপিয়াই হত্যা কৰাৰ দৰে নাৰীৰ উপৰত চলা অত্যাচাৰৰ বাতৰি চকুত পৰে।এনেকুৱা এটা বাতৰিয়ে আৰু হাজাৰ হাজাৰ নাৰীৰ মনোবল নষ্ট কৰি দিয়ে।বিশেষকৈ বেছিভাগ অভিভাৱকেই নিজৰ সন্তানৰ কোনো ক্ষতি সহ্য কৰিব নোৱাৰিম বুলি ভাবি নিজৰ নিজৰ ছোৱালীক শিক্ষানুষ্ঠানলৈ যাবলৈ নিদিয়ে।এইখন বিশ্বতে এনেকুৱা অসংখ্য ছোৱালী আছে,তাৰ প্ৰকৃতাৰ্থত বহুতো প্ৰতিভা আছে।কিন্তু তাৰ পিছতো নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ পোৱা নাই আৰু যদি কেনেবাকৈ সুযোগ পাইছেও, তথাপি তাত নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ যোৱাৰ সাহস পোৱা নাই।আমি এবাৰ ভাবি চাইছোনে এনেদৰেই যদি যুগে যুগে নাৰীৰ ওপৰত অত্যাচাৰ চলে তেন্তে তাৰ ফলত এখন সমাজৰ কিমান ক্ষতি হব পাৰে??এগৰাকী নাৰী যদি শিক্ষিতা হয়,প্ৰতিভাসম্পন্ন হয়,তেন্তে সেই নাৰীয়ে নিজৰ সন্তানক সু শিক্ষিত কৰি তুলিব পাৰিব।লগতে সকলো ক্ষেত্ৰতে যেনে – খেল ধেমালি, গীত নৃত্য, কবিতা ৰচনা কৰা, শিল্পবিদ্যা আদি সকলোতে নিজৰ সন্তানক উৎসাহিত কৰি সফলতাৰ উচ্চ শিখৰত উঠিবলৈ এটি জখলাৰ দৰে সহায়ক হব পাৰে।বহু ক্ষেত্ৰতেই দেখা যায়,এখন ভাল পৰিবেশ থকা বিদ্যালয় নতুবা এজন সুদক্ষ শিক্ষকৰ অভাৱত সন্তানক সঠিকভাৱে গঢ় দি তোলাত অভিভাৱক সকল অসমৰ্থ হয়।সেই ক্ষেত্ৰত এগৰাকী মাতৃ যদি শিক্ষিতা থাকে তেন্তে নিজ মাতৃয়েই সন্তানৰ লিখা পঢ়াত চকু দিব পাৰে।যিহেতু পুৰুষ প্ৰধান সমাজত এজন পিতৃয়ে উপাৰ্জন কৰাত ব্যস্ত থাকিবলগীয়া হয়,সেই হেতুকে সন্তানৰ শিক্ষাদানৰ ক্ষেত্ৰত পিতৃয়ে মুখ্য ভূমিকা পালন কৰিব নোৱাৰে।তেনে ক্ষেত্ৰত সন্তানৰ ভবিষ্যত গঢ়াত এগৰাকী মাতৃ(নাৰী) য়ে মুখ্য ভূমিকা পালন কৰিব পাৰে। অশিক্ষিত পৰিবেশতো বিভিন্ন কাৰণত কাজিয়া পেঁচাল হলে তাৰ আঁৰতো এগৰাকী নাৰীৰ হাত থকা পৰিলক্ষিত হয়।তাৰ পৰিৱৰ্তে শিক্ষিত সমাজত তেনে কাজিয়া পেচালৰ বিশেষ কোনো সূত্ৰপাত নহয়। এগৰাকী নাৰীয়ে নিজৰ ইচ্ছাশক্তি আৰু শিক্ষাৰ জড়িয়তে নিজৰ সন্তানক সু শিক্ষিত আৰু সু নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে। পুৰুষসকল যিমানেই শিক্ষিত আৰু সুদক্ষ নহওঁক,যদি নাৰীসকলে সদায় ঘৰখনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে আৰু শিক্ষাৰ মূল্য বুজি নাপায়,তেন্তে সেই পুৰুষসকলো মানসিকভাৱে সুস্থ থাকিব নোৱাৰে। যাৰ ফলত এখন সুস্থ সমাজ গঢ়িবলৈ ব্যৰ্থ হব।গতিকে এখন সুখী সংসাৰ নাইবা এখন সুস্থ সমাজ গঢ়িবলৈ হলে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব।কাৰণ সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম।